Indian Economy : যুক্তৰাজ্যক পিছ পেলালে ভাৰতে ! বিশ্বত পঞ্চম অর্থনৈতিক শক্তি

WhatsApp Image 2022 09 03 at 16.22.46

ব্রিটেইনক পিছ পেলালে ভাৰতে । ভাৰত বিশ্বৰ অর্থনীতিত পঞ্চম শক্তি হিচাপে চিহ্নিত হৈছে । ২০২১ত তিনি মাহ ধৰি ভাথতে এই ইংগিত দিছিল । ডলাৰৰ মূল্যত ভাৰতীয় অর্থনীতিৰ আকাৰ-আকৃতি যোৱা মার্চতেই ৮৫৪.৭ বিলিয়ন হৈছিল, যেতিয়া যুক্তৰাজ্যৰ মুঠ মূল্য আছিল ৮১৬ ডলাৰ । ডলাৰ এক্সচেঞ্জ ৰেটৰ নিৰিখত ভাৰতৰ এই সাম্প্রিতক অর্জন ।

অর্থনীতিৰ বহৰৰ বিচাৰক ব্রিটেইনক পিছ পেলালে ভাৰতে । বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ তালিকাত পঞ্চম স্থানত আছে ভাৰত । বিভিন্ন দেশৰ গড় জাতীয় উৎপাদনৰ পৰিসংখ্যাসহ যি তালিকা আন্তর্জাতিক অর্থ ভাণ্ডাৰে প্রকাশ কৰিছে, সেই তালিকাত ব্রিটেইনৰ স্থান ষষ্ঠ । তালিকা প্ৰস্তুত কৰাৰ সময়ত সকলো হিচাপ কৰা হৈছে আমেৰিকান ডলাৰত ।

বিগত কে’বা মাহ ধৰি যুক্তৰাজ্যত ৰাজনৈতিক উঠা-নমা চলি আছে । প্রধানমন্ত্রী পদত বৰিছ জনছনৰ উত্তৰসূৰি কোন হ’ব, তাক লৈ লিজ ট্রাছ আৰু ভাৰতীয় বংশোদ্ভূত ঋষি ছুনকেৰ মাজত মত বিৰোধ চলি আছে । যদিও ছুনকেক পিছ পেলাই লিজ ট্রাছেই যে আগবাঢ়ি আছে, সেইটো স্পষ্ট ।

অৱশ্যে সেই ফলাফল প্ৰকাশ পোৱাৰ আগতে বিশ্বৰ অর্থনীতিৰ তালিকা প্রকাশ কৰিলে আন্তর্জাতিক বিত্ত ভাণ্ডাৰে । সংশ্লিষ্ট মহলৰ বক্তব্য, বিধানমণ্ডলত যিয়েই ন’বহক, তেঁৱেই এই কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব ।

বিগত এক দুই বছৰত ক’ভিডেই বৃহৎ সমস্যা আছিল বিশ্বত । ভাৰততো তাৰ প্ৰভাৱ পৰিছিল । এই সমস্যা সমাধান কৰা যথেষ্ট কঠিন আছিল । কিন্তু সেই কঠিন কাম সফল কৰিছে ভাৰতে । তথ্য অনুসৰি চলিত বিত্তবর্ষতো ভাৰতৰ অর্থনীতিৰ বহৰ সাত শতাংশ হাৰত বাঢ়িব পাৰে ! যি আগন্তুক সময়ৰ বাবে যথেষ্ট তাৎপর্যপূর্ণ । উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰতৰ অর্থনৈতিক বৃদ্ধি অতি সবল । প্রসংগত, প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কয় ২০৪৭ৰ ভিতৰত ভাৰত ‘ডেভেলপড কান্ট্রি’ হিচাপে পৰিগণিত হ’ব পাৰে ।

Exit mobile version