বাঁহৰ সাঁকোৱে-নৰক যন্ত্ৰণা ভুগাইছে পথচাৰীক

কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ-প্ৰশাসন-বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধি

WhatsApp Image 2022 09 04 at 18.59.33

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মালিবাৰী পথাৰৰ অঞ্চল সংযোগী একাধিক বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ সৰ্বস্তৰৰ লোকক যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে ।তথ্য অনুসৰি, মালিবাৰী পথাৰ বজাৰৰ পৰা দুৰামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হৈ ডেকাচাঙলৈ যোৱা প্ৰায় ছয় কিলোমিটাৰ অৱস্থা একেবাৰে তথৈবচ হৈ পৰাত যাতায়তৰ পথছোৱা অনুপযোগী হৈ পৰিছে । তদুপৰি মালিবাৰী পথাৰ বজাৰ পৰা মালিবাৰী সত্ৰ সংযোগী পকী পথো ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰাত যান বাহন চলাচল কৰাত অসুবিধা হৈছে ।

অঞ্চলটোৰ মুছলিম চাৰিআলিৰ পৰা কাহিবাৰী হৈ ছমৰীয়া মহাবিদ্যালয়লৈ যোৱা প্ৰায় সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা জৰাজীৰ্ণ হৈ পৰি আছে । একেদৰে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা মালিবাৰী পথাৰ বজাৰৰ পৰা মুছলিম চাৰিআলি হৈ ডেকাচাঙলৈ যোৱা প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ মাজত মাত্ৰ আধা কিলোমিটাৰ পথ দুবছৰমান পূৰ্বে পুনৰ নিৰ্মাণ কৰা হয় যদিও বাকী পাঁচ কিলোমিটাৰ পথ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

সম্প্ৰতি পথটোৰ ঠায়ে ঠায়ে দ’ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বোকা পানীৰে কদৰ্যময় হৈ পৰিছে ।লোকনিৰ্মাণ বিভাগৰ পথছোৱা একাংশ ইমানেই জৰাজীৰ্ণ যে যান-বাহন চলাচল কৰাতো দূৰৰে কথা সাধাৰণ পথচাৰী এজনো চলাচল কৰাটো দুৰ্বিসহ হৈ পৰিছে । জৰাজীৰ্ণ পকী পথছোৱাৰ কে’বাখন ঠাইত বিগত বাৰিষাত পানীৰ সোঁতে খহাই নি যাতায়াত ব্যাহত কৰাত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো বনাই যাতায়াত কৰিবলগা হৈছে ।

অঞ্চলটোৰ একাধিক পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে অঞ্চলবাসীয়ে । তদুপৰি প্ৰসূতি, গৰ্ভৱতী মহিলাৰ লগতে সাধাৰণ ৰোগীক ঠেলা অথবা সাঙিৰে চিকিৎসালয়লৈ নিবলগীয়া হয় । যাৰ ফলত অঞ্চলটোৰ মালিবাৰী, ডেকাচাং দুৰামাৰী, বগুৰীগুৰী, শালমাৰা, চতুৰ্ভূজ, আলোপতি, ধামাপাৰা, বটিয়ামাৰী, কাহিবৰী, মালিবাৰী সত্ৰ, চাকলা, জাওকাটা আদি কৰি প্ৰায় কুৰি খন গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জৰাজীৰ্ণ পথৰে যাতায়াতৰ ক্ষেত্ৰত হাহাকাৰ কৰিবলগীয়া হৈছে ।

মূলতঃ অতি গুৰুত্বপূৰ্ণ উক্ত পথ কেইটা পৰ্যাপ্ত পৰিমাণে ওখ নোহোৱা বাবে বাৰিষাৰ সময়ছোৱাত সাধাৰণ বানপানীতে পথছোৱা ডুব যায় । এনে পৰিস্থিতিত পথসমূহৰ বিভিন্ন অংশ বানে ক্ষতি কৰাত বিধ্বস্ত হৈ পৰিছে । অঞ্চলটোৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে বিধ্বস্ত পথ কেইটা মেৰামতি তথা পুনঃনিৰ্মাণৰ বাবে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো সংশ্লিষ্ট কোনো পক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰি কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপিত হৈছে ।

বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ অতি গুৰুত্বপূৰ্ণ পথসমূহ শীঘ্ৰে মেৰামতি তথা পুনঃনিৰ্মাণৰ পদক্ষেপ হাতত ল’বলৈ স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে চৰকাৰ-প্ৰশাসন, লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়িকা নন্দিতা দাসক দাবী জনাইছে ।

Exit mobile version