গুৱাহাটীৰ বশিষ্টস্থিত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগনত দেওবাৰৰ পৰা আয়োজন কৰা অভিযন্তাসকলৰ দুদিনীয়া কৰ্মশালাৰ আজি দ্বিতীয় দিনাও জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে । মন্ত্ৰী হাজৰীকাই দুদিন ধৰি কৰ্মশালাত উপস্থিত থাকি বিভাগৰ অভিযন্তাসকলৰ পৰা বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ক বিভিন্ন উদ্ভাৱনীমূলক কাৰীকৰি কৌশলৰ বিষয়ে বুজ লয় ।
আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত বিভাগীয় অভিযন্তাসকলৰ উপস্থাপনৰ পাছত মন্ত্ৰী হাজৰীকাই তেওঁৰ বক্তব্যত কয় যে বানপানীৰ আগত আৰু পাছত বছৰত দুবাৰকৈ জলসম্পদ বিভাগৰ এনেদৰে কৰ্মশালা অনুষ্ঠিত হ’ব । পৰৱৰ্তী এপ্ৰিল মাহত বিভাগীয় সকলো অভিযন্তাৰ বাবে পুনৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
আনহাতে, বিগত দুটা দিনত বিভাগৰ বিষয়ে বহুতো কথা জানিবলৈ পোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে কৰ্মশালাৰ জৰিয়তে বিভাগীয় অভিযন্তাসকলেও পৰস্পৰৰ পৰা বহু কথা জানিবলৈ সক্ষম হয় ।
মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চলসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভাগীয় কামৰ প্ৰাককলন প্ৰস্তুত কৰাৰ সময়ত ঠিকাদাৰৰ পৰা দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় । আনহাতে, জাতিটোৰ প্ৰতি দায়বদ্ধ হৈ অথবা ৰাজ্যখনৰ প্ৰতি মনত ভালপোৱা ৰাখি সকলো বিভাগীয় অভিযন্তাক কাম কৰিবলৈ আহ্বান জনায় । বিগত বাৰিষাত যিসমূহ মথাউৰি ক্ষতিগ্ৰস্ত হৈ বানৰ সৃষ্টি কৰিছিল সেই মথাউৰিসমূহৰ কাম শীঘ্ৰে সমাপ্ত কৰি পৰৱৰ্তী বানৰ আগতে সকলোকে সাজু থাকিবৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ তত্ত্বাৱধানত দেওবাৰৰ পৰা দুদিনীয়াকৈ বিভাগীয় অভিযন্তাসকলৰ কৰ্মশালা অনুষ্ঠিত হৈছিল । কৰ্মশালাখনত অভিযন্তাসকলে বান আৰু খহনীয়া নিয়ন্ত্ৰণত তেঁওলোকৰ সফল কাৰীকৰি কৌশলসমূহৰ লগতে উদ্ভাৱনীমূলক কৌশলৰ ওপৰত আলোকপাত কৰে ।