হাউলীৰ ছাবলাইম একাডেমীত শিক্ষক দিৱস উদ্‌যাপন

সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদান

WhatsApp Image 2022 09 05 at 18.27.53

সমগ্ৰ দেশৰ লগতে হাউলীতো শিক্ষক দিৱস উদ্‌যাপন কৰা হয় । হাউলীৰ ছাবলাইম একাডেমীত আজি ৬১ সংখ্যক শিক্ষক দিৱস উদ্‌যাপন কৰাৰ লগতে সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা প্ৰদানৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয় ।

সভাখনত সভাপতিত্বত কৰে ছাবলাইম একাডেমীৰ সঞ্চালক ড° দেৱান নজৰুল কাদিৰে । সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সংগীত পৰিৱেশন কৰা হয় । সভাত মাজগাঁও নৱশক্তি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাইফুল ইছলামে অধ্যাপক ড° দেৱান নজৰুল কাদিৰে সংকলন কৰা ‘জান্নাতি পথৰ পথিক’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে ।

তদুপৰি একেখন সভাতে মদ, ড্ৰাগছ আৰু নিচামুক্ত সমাজ গঢ়ো আহঁক নামৰ এখন সৰু হাতপুথি উন্মোচন কৰে সাহিত্যিক তালেবৰ ৰহমানে । সভাত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাইফুল ইছলাম, মামুনুৰ ৰছিদ, হছমদ আলী নামৰ তিনি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক “শিক্ষক বঁটা” প্ৰদান কৰে ।

ইয়াৰ পাছতে সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক বিবেকা ৰঞ্জন ৰায় চৌধুৰী, সাহিত্যিক যোগেন্দ্ৰ নাথ, সাহিত্যিক মহম্মদ মজিদ আলী, সাহিত্যিক গোবিন্দ নাৰ্জাৰী, সাহিত্যিক ৰমিছা বেগম, সাহিত্যিক তপন মহন্ত আৰু ড° মহম্মদ মুৰছেদুৰ জামানক প্ৰদান কৰা হয় । এই বঁটাত আছে গামোছা, গ্ৰন্থৰ টোপোলা, স্মাৰক, মানপত্ৰ আৰু এডাল গছপুলি ।

উক্ত সভাত বঁটা প্ৰাপকসকলে বিভিন্ন বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে । আনহাতে, হাউলীৰ চেন্ট টেৰেজা ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয় | ইয়াৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন, আৰম্ভণি গীত, আদৰণি ভাষণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ মাজত, নৃত্যৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় |

উক্ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে | অনুষ্ঠানত নূৰ মুজাহিদে শিক্ষক দিৱসৰ আলোকপাত কৰি ভাষণ প্ৰদান কৰে ।

Exit mobile version