Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

তথাপি উদ্বেগ-অস্থিৰতা কিয় ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
September 5, 2022
in Opinion
Reading Time: 1 min read
0
তথাপি উদ্বেগ-অস্থিৰতা কিয় ?
1
SHARES
13
VIEWS
ShareShareShareShare

দৰাচলতে খবৰটোৱে দেশবাসীক উদ্বেলিত কৰিয়েই তুলিব লাগিছিল । দেশৰ শীৰ্ষ নেতাসকলৰ জয়গান আৰম্ভ হ’ব লাগিছিল; কিন্তু তেনে কোনো পৰিৱেশৰ সৃষ্টি নহ’ল । যোৱা শুকুৰবাৰে প্ৰকাশিত তথ্য অনুসৰি ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম সবৰ্বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হৈছে ভাৰত । সেই ব্ৰিটেইন, যিয়ে প্ৰায় দুশ বছৰ কাল আমাক গোলামৰূপে শাসন কৰি গৈছে ।

ADVERTISEMENT

আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)য়ে বিভিন্ন দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ পৰিসংখ্যাসহ যি তালিকা প্ৰকাশ কৰিছে, তাত ব্ৰিটেইন আছে ষষ্ঠ স্থানত । বিগত কেইমাহমান ধৰি ৰাজনৈতিক অস্থিৰতা চলি আহিছে ব্ৰিটেইনত । বিভিন্ন কাৰণত বৰিছ জনছনে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱাত তেওঁৰ উত্তৰসূৰী কোন হ’ব তাক লৈও সীমাহীন জল্পনা-কল্পনা অব্যাহত আছে ।

RelatedPosts

দেশত পুনৰ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা, জানুৱাৰীত হাৰ পাঁচ শতাংশলৈ বৃদ্ধি

বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ 

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

অৱশ্যে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ হ’ব নে ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক হ’ব সেয়া এই সোমবাৰেই প্ৰকাশ পাব । তাৰ পূবেৰ্ই আই এম এফৰ পৰিসংখ্যা প্ৰকাশ পালে । ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী যিয়েই নহওক, অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত যে যথেষ্ট কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব তাত সন্দেহৰ অৱকাশ নাই ।

এতিয়া আমেৰিকা, চীন, জাপান আৰু জাৰ্মানীৰ পাছতে ভাৰত হৈছে বিশ্বৰ সবৰ্বৃহৎ অৰ্থনীতি । যোৱা প্ৰায় এক দশকত একাদশ স্থানৰ পৰা আগবাঢ়ি আহি এই স্থানত উপনীত হৈছে ভাৰত । ২০২১ৰ অন্তিম ত্ৰিমাসিকত বৃহৎ জাপ মাৰি ব্ৰিটেইনক পিছ পেলাবলৈ সক্ষম হৈছে ভাৰতীয় অৰ্থনীতিয়ে । বিভিন্ন পি]সংখ্যা অনুসৰি ক’ভিডপূৰ্ব কালত দীৰ্ঘদিন ধৰি ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি ।

বিশ্ববেংকৰ সাম্প্ৰতিক প্ৰতিবেদনতো কোৱা হৈছে যে চীনক পিছ পেলাই বিশ্বৰ দ্ৰুততম আৰ্থিক বৃদ্ধিৰে আগবাঢ়ি যোৱা অৰ্থনীতিৰ খিতাপ লাভ কৰিবলৈ অগ্ৰসৰ হৈছে ভাৰত । চলিত¸ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক অৰ্থাৎ যোৱা এপ্ৰিলৰ পৰা জুনলৈ ভাৰতৰ অৰ্থনীতি ১৩.৫ শতাংশ হাৰত বৃদ্ধি হৈছে । যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত যোৱা ত্ৰিমাসিকত জিডিপিৰ হাৰ ১৩.৫ শতাংশ বাঢ়িছে ।

প্ৰতিবেদনত কোৱা হৈছে যে ক’ভিড মহামাৰীৰ আঘাত আঁতৰাই দেশৰ অৰ্থনীতিয়ে পুনৰ গতি লাভ কৰিছে । ক’ভিড কালত বিধ্বস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে সুফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ পৰাই এখন দেশৰ অৰ্থনীতিৰ অৱস্থা নিৰ্ণয় কৰা হয় । এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশত উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে জিডিপি বোলা হয় । বিত্তীয় বৰ্ষ (এপ্ৰিল-মাৰ্চ)ৰ প্ৰতি তিনিমাহত জিডিপি গণনা কৰা হয় । গতিকে জিডিপিৰ গতি মন্থৰ অথবা দ্ৰুত হোৱালৈ লক্ষ্য কৰি সংশ্লিষ্ট দেশৰ আৰ্থিক পৰিস্থিতি নিৰ্ধাৰণ কৰা হয় । যোৱা এক দশকৰ জিডিপিলৈ লক্ষ্য কৰিলে দেখা যায় যে ক’ভিড কালছোৱাৰ বাহিৰে ভাৰতৰ গতি উৰ্ধ্বৰ্মুখী হৈয়ে আছে ।

যোৱা ২০১২-১৩ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ পৰিমাণ আছিল ১৮২৭.১৪ বিলিয়ন ডলাৰ আৰু ইয়াৰ বৃদ্ধিৰ হাৰ আছিল ৫.৪৬ শতাংশ । তেনেদৰে ২০১৩-১৪ বৰ্ষত ১৮৫৬.৭২ বিলিয়ন আৰু ৬.৩৯ শতাংশ, ২০১৪-১৫ত ২০৩৯.১৩ বিলিয়ন আৰু ৭.৪১ শতাংশ, ২০১৫-১৬ বৰ্ষত ২১০৩.৫৯ বিলিয়ন আৰু ৮.০ শতাংশ, ২০১৬-১৭ত ২২৯৪.৮০ বিলিয়ন আৰু ৮.২৬ শতাংশ, ২০১৭-১৮ত ২৬৫১.৪৭ বিলিয়ন আৰু ৬.৮০ শতাংশ, ২০১৮-১৯ত ২৭০২.৯৩ত বিলিয়ন আৰু ৬.৫০ শতাংশ, ২০১৯-২০ত ২৮৩১.৫৫ বিলিয়ন আৰু ৩.৭৪ শতাংশ, ২০২০-২১ত ২৬৬৭.৬৯ বিলিয়ন আৰু ৬.৬০ শতাংশ আৰু ২০২১-২২ত ৩১৩.৪০ বিলিয়ন আৰু বৃদ্ধিৰ হাৰ ৮.৯৫ শতাংশ ।

লক্ষ্যণীয় যে ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ শীৰ্ষ পঞ্চম স্থান অধিকাৰ কৰাৰ পাছতো সাধাৰণ জনতা বাদেই, শাসক পক্ষৰো উচ্চ-বাচ্য দৃষ্টিগোচৰ হোৱা নাই । মাথোঁ কেইজনমান দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিয়েহে আহ্লাদিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আগন্তুক কেইবছৰমানৰ ভিতৰতে শীৰ্ষ তিনি স্থানত ভাৰত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

তাৎপৰ্যপূৰ্ণ যে এনেবোৰ পৰিসংখ্যাই দেশৰ জনতাক মুঠেই উৎসাহিত কৰিব পৰা নাই; কাৰণ ই তেওঁলোকৰ জীৱন ধাৰণ সামান্যতমো উন্নত কৰিব পৰা নাই; বৰঞ্চ প্ৰতিটো দিন চৰম অনিশ্চয়তাত কটাবলগীয়া হৈছে । প্ৰতিটো খণ্ডতে বিৰাজ কৰিছে অস্থিৰতাই । শেহতীয়া সময়ছোৱা বিশ্লেষণ কৰিলে ধাৰণা হয় যেন দেশত অস্থিৰতা সৃষ্টিয়েই এক নতুন কৌশলত পৰিণত হৈছে ।

ব্ৰিটেইন বিশ্বৰ বৃহৎ অৰ্থনীতিৰ আকাৰত ভাৰততকৈ পিছ পৰিছে ঠিকেই, কিন্তু সেই দেশৰ জনমূৰি আয় ৪৭ হেজাৰ ডলাৰৰ বিপৰীতে ভাৰতীয়ৰ আয় মাত্ৰ ২৫০০ ডলাৰ । জনমূৰি আয় অৰ্থাৎ প্ৰতিজন নাগৰিকৰ উপাৰ্জনৰ ক্ষেত্ৰত বিশ্বৰ ১৯০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২২ নম্বৰত । গতিকে পৰিস্থিতি সহজে অনুমেয় ।

এনে পৰিস্থিতিত অৰ্থনীতিৰ আকাৰ বৃদ্ধিয়ে আমাৰ জীৱন ধাৰণৰ ওপৰত কি ইতিবাচক প্ৰভাৱ পেলাব ? অৱশ্যে তাৰ বাবে ভাৰতৰ জনসংখ্যাকে জগৰীয়া কৰা হ’ব, যি ব্ৰিটেইনৰ তুলনাত প্ৰায় ২০ গুণ অধিক । ইয়াৰ বিপৰীতে এই দেশৰে মুষ্টিমেয় উদ্যোগপতিয়ে নিচেই কম সময়তে হেজাৰ হেজাৰ গুণ আয় বৃদ্ধি কিৰি বিশ্বৰ শীৰ্ষ স্থানত উপবিষ্ট হ’বলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠৰূপে পৰিচিত গৌতম আদানী আনকি শেহতীয়াভাৱে বিশ্বৰ তৃতীয় সৰ্বাধিক আঢ্যৱন্ত ব্যক্তিত পৰিণত হৈছে ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানীয়েও শীৰ্ষৰ ১০টা স্থানৰ ভিতৰত অৱস্থান কৰিছে । এনে কিছু সংখ্যক উদ্যোগপতি-ব্যৱসায়ীক মোদী চৰকাৰে বিভিন্ন বেংকৰ ১০ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়াক লৈ বিতৰ্কৰো সূত্ৰপাত হৈছে । অথচ দেশৰ প্ৰধান কে’বাটাও বেংকে অসমৰ পৰা সংগৃহীত জমাৰ অৰ্ধেকো এই ৰাজ্যত ঋণ নিদিয়ে বুলি চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ পাইছে ।

তদুপৰি ব্যৱসায় আদিৰ বাবে গ্ৰহণ কৰা কেইলাখমান টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-মাটি হেৰুৱাবলগীয়া হোৱা জাননীৰ দ্বাৰা প্ৰায় প্ৰতিদিনে প্ৰতিখন বাতৰি কাকত ভৰি থকাটো নিয়মত পৰিণত হৈছে । অথচ আদানী গোটৰ ঋণৰ পৰিমাণ যোৱা পাঁচ বছৰত এক ট্ৰিলিয়ন ডলাৰৰ পৰা ২.৬ ট্ৰিলিয়নলৈ বৃদ্ধি পাইছে ।

চৰকাৰী তথ্য অনুসৰিয়েই পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সদ্যসমাপ্ত আগষ্টতো ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পাই ২৮.৬৮ বিলিয়ন ডলাৰ হৈছে । যোৱা মাহটোত আমদানি ৩৭ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ৰপ্তানি স্থিৰ হৈয়ে ৰয় । ফলস্বৰূপে দেশৰ বাণিজ্যিক ঘাটি দুগুণৰো অধিক বৃদ্ধি পাইছে, যি যোৱা বছৰৰ আগষ্টত ১১.৭১ বিলিয়ন ডলাৰ আছিল । এই বছৰ আগষ্টত আমদানি ৩৭ শতাংশ বৃদ্ধি পাই ৬১.৬৮ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ৰপ্তানি ৩৩ বিলিয়ন ডলাৰতে আৱদ্ধ হৈ ৰয় ।

চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত দেশৰ ৰপ্তানি ১৭.১২ শতাংশ বৃদ্ধি হৈ ১৯২.৫৯ বিলিয়ন ডলাল হোৱাৰ বিপৰীতে আমদানি আকাশলংঘী ৪৫.৬৪ শতাংশ বৃদ্ধি হৈ ৩১৭.৮৯ বিলিয়ন ডলাৰ হৈছে । অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহতে ভাৰতৰ বাণিজ্যিক ঘাটি ১২৫.২২ ডলাৰ বৃদ্ধি পায়, যিটো যোৱা বছৰ একে সময়ছোৱাত ই ৫৭.৭৮ বিলিয়ন ডলাৰ আছিল ।

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ প্ৰথম ত্ৰিমাসিকত দেশৰ বাণিজ্যিক ঘাটি দুগুণতকৈও অধিক বৃদ্ধি পাই ৭০.২৫ বিলিয়ন ডলাৰ হয়, যিটো যোৱা বছৰ একে সময়ছোৱাত ই ৩১.৪২ বিলিয়ন ডলাৰ আছিল । বহিঃৰাষ্ট্ৰৰ পৰা বিভিন্ন সা-সামগ্ৰী আমদানিত এনে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হৈছে । এনে বৃহৎ বাণিজ্যিক ঘাটি যে দেশৰ অৰ্থনীতিলৈ গভীৰ প্ৰত্যাহ্বান তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন; কিয়নো বিদেশী মুদ্ৰা ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পোৱাৰ ই হৈছে প্ৰধান কাৰণ । ৰপ্তানি আশানুৰূপভাৱে বৃদ্ধি কৰিব নোৱাৰা পৰ্যন্ত এই আশংকা ৰৈয়ে যাব ।

একেদৰে কৰ্মসংস্থাপনহীনতাই দেশত অভিলেখ স্থাপন কৰিছে । এই আগষ্টত দেশত নিবনুৱাৰ হাৰ এবছৰ সৰ্বাধিক ৮.৩ শতাংশলৈ বৃদ্ধি পাইছে; কিয়নো এই মাহত কৰ্মসংস্থাপন ২০ লাখ হ্ৰাস পাই ৩৯ কোটি ৪৬ লাখ হৈছে । জুলাইত কৰ্মসংস্থাপন ৩৯.৭ কোটিৰ বিপৰীতে নিবনুৱাৰ হাৰ আছিল ৬.৮ শতাংশ । সাধাৰণতে নগৰীয়া নিবনুৱাৰ হাৰ প্ৰায় আঠ শতাংশ হোৱাৰ বিপৰীতে গ্ৰাম্য নিবনুৱা সাত শতাংশৰ আশে-পাশে থাকে; কিন্তু আগষ্টত নগৰীয়া কৰ্মহীনৰ হাৰ ৯.৬ শতাংশলৈ বৃদ্ধিৰ সমান্তৰালভাৱে গ্ৰাম্য নিবনুৱা ৭.৭ শতাংশলৈ বৃদ্ধি পায় বুলি চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমীয়ে সদৰী কৰিছে ।

গতিকে নিয়োগৰ ক্ষেত্ৰখনৰো অতি উদ্বেগজনক ৰূপ এই তথ্যই দাঙি ধৰে । ফলস্বৰূপে কৰ্মসংস্থাপনহীনসকল, বিশেষকৈ যুৱক-যুৱতীসকল গভীৰ অনিশ্চয়তাত ভুগিবলগীয়া হোৱাটো অৱধাৰিত হৈ পৰিছে । ফলস্বৰূপে যুৱসমাজৰ মাজত অস্থিৰতা পৰিলক্ষিত হৈছে । চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি কৈ আহিছে যদিও কাৰ্যক্ষেত্ৰত কিন্তু পৰিস্থিতিৰ উন্নতি হোৱা নাই ।

তেনেদৰেই ব্যৱসায়িক ক্ষেত্ৰখনতো প্ৰথমে বিমুদ্ৰাকৰণ আৰু পাছত জিএছটি প্ৰৱৰ্তনৰে হতাশা আৰু অনিশ্চয়তা চপাই অনা হৈছে । চৰকাৰৰ ভুল নীতিৰ বাবেই দেশত লাখ লাখ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-বাণিজ্য বন্ধ হৈছে । ভাৰত বিশ্বৰ পঞ্চম সবৰ্বৃহৎ অৰ্থনীতি হ’লেও এইসকলে জানো নিজৰ স্থিতি উন্নত কৰিবলৈ সক্ষম হৈছে ?

সন্দেহ নাই যে কেৱল ব্যৱসায়-বাণিজ্য অথবা কৰ্মসংস্থানৰ ক্ষেত্ৰতে নহয়, দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰতো এনেদৰে অস্থিৰতা বিৰাজ কৰিছে যে সমগ্ৰ পৰিৱেশ দূষিত হৈ পৰিছে । সাম্প্ৰদায়িক মেৰুকৰণে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপে কেৱল সংখ্যালঘুৱেই নহয়, সংখ্যাগুৰু জনতায়ো অশান্তিত ভুগিবলগীয়া হৈছে । অতিশয় লক্ষ্যণীয় দিশ এয়ে যে আনকি চৰকাৰত থকাসকলেও ক্ষমতা লাভৰ পাছতো অস্থিৰতাত ভুগিছে ।

অ-বিজেপি শাসিত প্ৰতিখন ৰাজ্য চৰকাৰ কোন মুহূৰ্তত ক্ষমতাচ্যুত হ’বলগীয়া হয়, তাকে লৈ প্ৰতি মুহূৰ্ততে শংকাত ভুগিছে । নিৰ্বাচনত জয়ৰ পাছতো দলক ঐক্যৱদ্ধ কৰি ৰখাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ধনবলৰ ৰাজনীতিৰ সন্মুখত । তেনেদৰেই বিজেপিৰ সহযোগী দলসমূহকো কৌশলৰে দুবৰ্ল কৰি পেলোৱা হৈছে ।

আন বাদেই, স্বয়ং বিজেপিৰে গৰিষ্ঠ সংখ্যক নেতা-মন্ত্ৰীও অস্থিৰতাত ভুগিছে । নিজৰ পদত কিমান দিনলৈ তিষ্ঠি থাকিব পাৰে তাৰ নিশ্চয়তা নাইকিয়া হৈছে । গতিকে এনেদৰে অস্থৰিতা সৃষ্টিকেই ভাৰতীয় ৰাজনীতিৰ নতুন কৌশলৰূপে পৰিচালনা কৰা হৈছে । সেয়েহে অৰ্থনীতিৰ আকাৰ বৃদ্ধিয়েও সাধাৰণ দেশবাসীলৈ সকাহ কঢ়িয়াই আনিব বুলি আশা কৰিব নোৱাৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GDPIMFpranjal sen dekaUnemployment
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d