Brahmastra : ব্ৰহ্মাস্ত্ৰ মুক্তিৰ পূৰ্বে অনুৰাগীসকলৰ বাবে বিশেষ ঘোষণা ৰণবীৰ-আলিয়াৰ

brahmastra copy tguk.h960

‘ব্রহ্মাস্ত্র’ (Brahmastra) মুক্তি পাবলৈ আৰু মাত্র কেইটামান দিন বাকী । অহা ন ছেপ্টেম্বৰত প্রেক্ষাগৃহত মুক্তি পাব ৰণবীৰ কাপুৰ (Ranbir Kapoor) আৰু আলিয়া ভট্টৰ (Alia Bhatt) এই ছবি । বহু প্রতীক্ষিত এই ছবিক লৈ দর্শকসকলৰ উচ্ছ্বাসৰ অন্ত নাই । তাৰ প্রকাশ পোৱা গৈছে সামাজিক মাধ্যমত । তাৰ মাজতেই অনুৰাগীসকললৈ বিশেষ ঘোষণা কৰিলে বলিউডৰ দুই তাৰকা ৰণবীৰ আৰু আলিয়াই ।

আজি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰিছে বলিউড অভিনেত্রী আলিয়া ভট্টে । তেওঁৰ ভিডিঅ’ত দেখা গৈছে, তেওঁ, ৰণবীৰ কাপুৰ, পৰিচালক অয়ন মুখোপাধ্যায় আৰু ‘ব্রহ্মাস্ত্র’ৰ কলাকুশলীসকল সকলো বিশেষ স্ক্রিনিঙত আছে । প্ৰাপ্ত তথ্য অনুসৰি এয়ে প্রথমবাৰ তেওঁলোকে ‘থ্রিডি’ত ‘ব্রহ্মাস্ত্র’ থ্ৰিডিত চাইছে ।

লগতে জানিব পৰা যায় যে, ‘ব্রহ্মাস্ত্র’ মুক্তিৰ পূৰ্বৰ দিন অর্থাৎ আঠ ছেপ্টেম্বৰত অনুৰাগীসকলৰ বাবে বিশেষ স্ক্রিনিঙৰ আয়োজন কৰিছে তেওঁলোকে ।

প্রসংগত, বিভিন্ন সূত্র অনুযায়ী খবৰ, দেশৰ বৃহৎ তিনিটা চলচ্চিত্ৰগৃহ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে, মুক্তিৰ দিনা অর্থাৎ ন ছেপ্টেম্বৰৰ বাবে তেওঁলোকৰ চলচ্চিত্ৰগৃহৰ পৰা এক লাখ টিকিট বিক্রী হৈ গৈছে ইতিমধ্যে । তেওঁলোকে আৰু জনাইছে, প্রথম সপ্তাহৰ অন্তত এই পর্যন্ত শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে অগ্রিম বুকিং হৈছে প্রায় দুই লাখ । অর্থাৎ, প্রথম তিনি দিনৰ বাবে ইতিমধ্যে দুই লাখ টিকিট বিক্রী হৈছে ।

প্রসংগত, চলিত বছৰত মুক্তি পোৱা ‘ভুলভুলাইয়া টু’য়ে ভাল ব্যৱসায় কৰিছিল বক্স অফিচত । সেই ছবিৰ প্রথম দিনাৰ অগ্রিম বুকিঙত টিকিট বিক্রী হৈছিল ১.০৩ লাখ । অর্থাৎ, ৰণবীৰ কাপুৰৰ এই ছবিয়ে যে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিব, তাৰ কিছু আভাস পোৱা গৈছে ।

সম্প্রতি ‘ব্রহ্মাস্ত্র’ৰ প্রযোজক কৰণ জোহৰে (Karan Johar) তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত কে’বাটাও ভিডিঅ’ প’ষ্ট কৰিছে । এই বিগ বাজেট ছবিত ব্যাপক মাত্রাত ভিএফএক্স ব্যৱহাৰ কৰা হৈছে । অৱশ্যে, তাৰ লগতে ছবিৰ কলাকুশলীসকলেও নানা বিপজ্জনক দৃশ্যত কোনো ষ্টাণ্টমেন অবিহনেই অভিনয় কৰিছে ।

তাৰেই এটা ভিডিঅ’ প্রকাশ্যত আনিছে কৰণে । ভিডিঅ’ত দেখা গৈছে, এটা বিপজ্জনক দৃশ্যত অভিনয় কৰিছে ৰণবীৰ কাপুৰ (Ranbir Kapoor), আলিয়া ভট্টে (Alia Bhatt) । তেওঁলোকৰ স’তে দেখা গৈছে অমিতাভ বচ্চন আৰু নাগার্জুনকো । কোনো ষ্টাণ্টমেন অবিহনেও বিপজ্জনক দৃশ্যত কেনেদৰে অভিনয় কৰিছে ৰণবীৰ- আলিয়াই, তাকে দেখি চকু কপালত উঠিছে অনুৰাগীসকলৰ ।

Exit mobile version