Central Vista : ব্যয় হৈছে ২০ হেজাৰ কোটি, বিশাল অঞ্চলজুৰি আছে চাৰি হেজাৰ গছ, চেন্ট্রেল ভিস্তা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

full

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে চেন্ট্রেল ভিস্তা প্রকল্প উদ্বোধন কৰিব ৷ নতুন দিল্লীত ভাৰতৰ এই প্রশাসনিক অঞ্চলত যথেষ্ট পৰিৱৰ্তন আহিছে ৷ নতুন প্রকল্পৰ ফলত সম্পূৰ্ণ পৃথক লাগিছে ৷

মুঠ ১৯ একৰৰ খাল অঞ্চল নতুনকৈ তৈয়াৰ কৰা হৈছে, তৈয়াৰ কৰা হৈছে ১৬টা সেতু ৷ দুটা খালত ব’টিং কৰিব পাৰিব জনসাধাৰণে ৷ এটা সেতু থাকিব কৃষি ভৱনৰ কাষত আৰু এটা থাকিব বাণিজ্য ভৱনৰ সন্মুখত ৷

ৰাজপথৰ লগতে মুঠ ৩.৯০ লাখ স্কোৱেৰ কিলোমিটাৰ অঞ্চল আৱৰি পেলোৱা হৈছে সেউজীয়া ঘাঁহনিৰে ৷ ৰঙা গ্রেনাইটৰ পথ নিৰ্মাণ কৰা হৈছে মুঠ ১৫.৫ কিলোমিটাৰজুৰি ৷

এই পার্কিং অঞ্চলত মুঠ এহেজাৰ ১২৫টা গাড়ী ৰাখিব পাৰিব ৷ ইয়াত ৰখাব পাৰিব ৩৫টা বাছ, ইণ্ডিয়া গেটৰ পাছফালে এই অঞ্চলত স্থিৰ কৰা হৈছে ৷

ৰাজপথজুৰি মুঠ ৭৪টা ঐতিহাসিক আলোক স্তম্ভ আছে ৷ সমগ্ৰ অঞ্চলটোত ৯০০টা আলোক স্তম্ভ আছে ৷ তদুপৰি মুঠ ৯৮৭টা কংক্ট্রিট বেলার্ড আছে অঞ্চলত ৷ মুঠ ১৪৯০টা নতুন প্ৰকাৰৰ মেনহ’ল আছে, যিটো আগতকৈ পৰিৱৰ্তন হৈছে ৷

মুঠ আঠটা এমিনিটি ব্লক আৰু চাৰিটা আণ্ডাৰপাছ আছে অঞ্চলটোত ৷ পথৰ কাষত বহিবৰ বাবে ৪২২টা ৰেড গ্রেনাইটত নির্মিত বেঞ্চ আছে ৷ ৰাজপথৰ লগতে মুঠ এক লাখ ১০ হেজাৰ ৪৫৭ স্কোৱেৰ মিটাৰ অঞ্চলজুৰি ৰঙা গ্রেনাইটৰ অঞ্চল আছে ৷

ৰঙা গ্রেনাইটৰ অঞ্চল আছে মুঠ ১.১ লাখ কিলোমিটাৰজুৰি ৷ ১৩৩টা আলোক স্তম্ভ আছে ৰাজপথত, মুঠ চাৰি হেজাৰ ৮৭ জোপা গছ আছে ৷ এই চেণ্ট্ৰেল ভিস্তাৰ বাবে মুঠ ব্যয় হৈছে প্রায় ২০ হেজাৰ কোটি টকা ৷

Exit mobile version