খোজ কঢ়াৰ ১০ টা উপকাৰী গুণৰ বিষয়ে জানো আহক…..

image

বৰ্তমান সময়ত আমি সকলোৱে স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন । তেনেক্ষেত্ৰত খোজকঢ়াতো আমাৰ শৰীৰৰ অত্যন্ত ফলপ্ৰসূ অনুশীলন হিচাপে বিবেচিত হৈছে । দৈনিক খোজকঢ়াৰ অভ্যাসে আমাক কেৱল শাৰীৰিক সুস্থতাই নহয় মানসিকভাৱেও আমাক সৱল কৰি ৰাখিব পাৰে ।

তেনেহ’লে আজি আমি জানো আহক খোজকঢ়াৰ ১০ উপকাৰী গুণৰ বিষয়ে ….

১/ পুৱা খোজকাঢ়িলে আমাৰ শৰীৰে পৰ্যাপ্ত অক্সিজেন লাভ কৰিবলৈ সক্ষম হয় ।

২/ খোজকঢ়াৰ ফলত আমাৰ শৰীৰত তেজৰ চলাচল সঠিক হয় , যি আমাক ব্ৰেইন ষ্ট্ৰোকৰ দৰে মৰাত্মক সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে ।

৩/ উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা লোকে দৈনিক খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে । ই মগজুৰ ৰক্ত সঞ্চালন সঠিক কৰি ৰখাৰ লগতে মগজুত হ’বপৰা ৰক্ত ক্ষৰণৰ পৰা ৰক্ষা কৰে ।

৪/ বৰ্তমানৰ আমাৰ এটা ডাঙৰ সমস্যা হৈছে গেছ ,এচিডিটি । নিয়মিত খোজ কাঢ়িলে এই দুই সমস্যাৰ পৰাও আমি বাচি থাকিব পৰা যায় ।

৫/ খোজকঢ়াৰ অভ্যাসে আমাক দুৰাৰোগ্য কেন্সাৰৰ পৰাও ৰক্ষা কৰিব পাৰে ।

৬/ দৈনিক খোজ কাঢ়িলে শৰীৰৰ দূষিত পদাৰ্থ সমূহ ঘামৰ লগত বাহিৰ হৈ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে ।

৭/ খোজকাঢ়িলে আমাৰ হাড়ৰ গঠন আৰু মাংসপেশী সৱল হয় ।

৮/ অনিদ্ৰা হৈছে বৰ্তমান মানুহৰ এটা ডাঙৰ সমস্যা । খোজকঢ়াৰ অভ্যাসে আমাক অনিদ্ৰা ৰোগৰ পৰাও উপশম দিব পাৰে।

৯/ বৰ্তমান সমাজৰ প্ৰায়ভাগ মানুহৰ এটা ব্যাধি হৈছে হতাশাগ্ৰস্থতা । হতাশাগ্ৰস্থতা দৰে ৰোগৰ পৰাও আমি খোজকঢ়াৰ অভ্যাসৰ পৰা উপশম পাব পাৰো ।

১০/ খোজকঢ়াৰ অভ্যাসে আমাৰ শৰীৰৰ মেদ হ্ৰাস কৰি এটা সুস্থ, সুঠাম শৰীৰ প্ৰদান কৰিব পাৰে ।

খোজকঢ়াৰ সুফলৰ বাবে বিশেষজ্ঞ সকলেও সকলো লোককে দৈনিক কমেও ১০ মিনিট হ’লেও খোজ কাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় ।

Exit mobile version