জিএমচিএইছত মুন্নাভাই !

অস্ত্ৰোপচাৰ কক্ষত চিকিৎসা কৰি থাকোতেই আটক

সৰিয়হ ডুলিতে ভুত৷এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ মুন্নাভাই ৰূপি চিকিৎসকে অস্ত্ৰোপচাৰ কক্ষত চিকিৎসা কৰি থাকোতেই ৰোগীৰ আত্মীয়ৰ তৎপৰতাত আটক হয় ভুৱা চিকিৎসক এজন ৷

জানিব পৰা মতে আজি দুপৰীয়া ভাগত জি এম চি এইছৰ অস্ত্ৰোপচাৰ কক্ষৰ সংলগ্ন ৰোগীৰ কোঠাত প্ৰৱেশ কৰে এজন চিকিৎসকে ৷এগৰাকী ৰোগীক গাত হাত দি পৰীক্ষা কৰি থাকোতেই ৰোগীৰ আত্মীয়ই চিকিৎসক জনৰ পৰিচয় বিচাৰে৷ সুৰামত্ত অৱস্থাত থকা ছদ্মবেশী চিকিৎসক জনে নিজকে স্নায়ু চিকিৎসক বুলি পৰিচয় দি পৰিচয় পত্ৰ দেখুৱাই ৷ৰোগীৰ আত্মীয় আৰু নাৰ্ছৰ সন্দেৰ হোৱাত নিৰাপত্তাৰক্ষীৰ সহযোগত অধ্যক্ষৰ ওচৰলৈ লৈ যায়৷ অধ্যক্ষৰ জেৰাত চিকিৎসকজন ভুৱা বুলি নিশ্চিত হয় ৷

অৰ্থাৎ মুন্নাভাই ৰূপি চিকিৎসকজনে এনেদৰে চিকিৎসালয় খনত চলাই গৈছিল চিকিৎসা সেৱা৷ ভঙাগড় আৰক্ষীয়ে প্ৰনৱজ্যোতি দাসক আটক কৰি অব্যাহত ৰাখিছে সোধপোছ ৷ জেৰাত মুন্নাভাই মেডিচিন কোম্পানীৰ এজন কৰ্মচাৰী বুলি স্বীকাৰ কৰিছে ৷

মনকৰিবলগীয়া যে জি এম চি এইছত প্ৰায় ২০০০ হাজাৰ চিকিৎসক কৰ্মৰত হৈ আছে ৷ ইয়াৰ ভিতৰত আছে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা শিক্ষাৰ্থী ৷ পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বৰ বৃহৎ চিকিৎসালয় খনত ভুৱা চিকিৎসক আটক ঘটনাই সকলোকে কৰি তুলিছে চিন্তাম্বিত ৷

Exit mobile version