মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বাঙালী হিন্দু আৰু মুছলিমক ঐক্যবদ্ধ হোৱাৰ আহ্বান প্ৰদীপ দত্ত ৰয়ৰ

সততে বিতৰ্কৰ মাজত থকা বৰাকৰ বহু বিৰ্তকিত

WhatsApp Image 2022 09 08 at 16.25.40

বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ হুংকাৰ ৷ হিন্দু বঙালী আৰু মুছলমানক একত্ৰিত হ’বলৈ আহ্বান জনায় ৰয়ে ৷ এককোটি হিন্দু বঙালী আৰু মুছলিমক অসমৰ পৰা বিতাৰিত কৰাৰ বাবে গোপন পৰিকল্পনা মুখ্যমন্ত্ৰীয়ে যুগুত কৰি থকাৰ অভিযোগ কৰি ৰয়ে কয়, অসমৰ প্ৰেক্ষাপটত অসমীয়া জাতিক সংখ্যাগৰিষ্ঠ কৰিবৰ বাবে শেহতীয়াকৈ মাদ্ৰাছা ভঙাৰ দৰে গহিত কাৰ্য সংঘটিত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে হিন্দী বাঙালী আৰু মুছলিমধৰ্মীয়ে একেলগে যুঁজাৰ সময় আি পৰিছে বুলি উল্লেখ কৰে বিতৰ্কিত বাঙালী নেতাজনে ৷৯০ লাখ বাঙালী ভোট লৈ দিছপুৰৰ মনচদ দখল কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰ জাতীয়বাদী হ’বলৈ গৈ মুছলিম বিদ্বেষী হৈ পৰিছে বুলিও মন্তব্য কৰে প্ৰদীপ দত্ত ৰয়ে ৷

Exit mobile version