COVID-19 : ক’ভিড আপডেট

Covid kerala 3

তিনি দিন ধৰি দেশজুৰি ক’ভিড সংক্রমণৰ লেখচিত্র ক্রমশ ঊর্ধ্বমুখী । বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি ছয় হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৬,৩৯৫ । বুধবাৰে এই সংখ্যা আছিল ৫,৩৭৯ । ৰাজ্যভিত্তিক  দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৬৮৭ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,০৯৪), কর্নাটক (৬০৬), তামিলনাডু (৪৪৫) ও ওড়িছা (৩২৮) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল.ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ ১৯ জনৰ মৃত্যু হৈছে । মহাৰাষ্ট্রত পাঁচজন, কর্নাটক, উত্তৰ প্রদেশ, পশ্চিমববংগ আৰু দিল্লীত দু’জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি তামিলনাডু, ওড়িছা, পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ডআৰু ছিকিমত এজনকৈ ব্যক্তিৰ মৃত্যু হৈছে । ইয়াৰ উপৰি কেৰালাত কৰ’নাত আক্রান্ত হৈ ১৪ জনৰ মৃত্যু পূৰ্বেই হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । বুধবাৰে এই সংখ্যা আছিল ১৬ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৬২৩ জন ব্যক্তিয়ে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ১.৯৬ শতাংশ । বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৬৭ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৬,৬১৪ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ২০৪ জন । বর্তমানে সুস্থতাৰ হাৰ ৯৮.৭০ শতাংশ ।

Exit mobile version