MEDICINE ঔষধি গুণসমৃদ্ধ মানিমুনি শাকৰ দহটা উপকাৰী গুণৰ বিষয়ে জানো আহক

WhatsApp Image 2022 09 09 at 17.53.10

MEDICINE  বাৰীত সহজেই উপলব্ধ হোৱা এবিধ ঔষধিযুক্ত বনশাক হৈছে মানিমুনি শাক । এজাক বৰষুণৰ পিছতেই বাৰীখন ছানি ধৰা মানিমুনি শাকৰ আছে বহুখিনি উপকাৰী গুণ । সাধাৰণতে দুই ধৰণৰ মানিমুনি শাক পোৱা যায় । এবিধ হৈছে বৰ মানিমুনি আৰু আনবিধ হৈছে সৰু মানিমুনি । দুয়োবিধৰে ঔষধি গুণ আছে যদিও সৰু মানিমুনিত অধিক ঔষধি গুণ থাকে । আজি আমি সহজে উপলব্ধ এই মানিমুনি শাকৰ কেইটামান ঔষধি গুণৰ বিষয়ে অৱগত কৰিম ।

* পেটৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ দৈনিক মানিমুনি শাক খাব লাগে । কেঁচা চাটনি বা আঞ্জা তৈয়াৰ কৰি হলেও মানিমুনি শাক খালে পেটৰ ৰোগ যেনে- গেছৰ সমস্যা, পেট বিষ ,কোষ্ঠকাঠিন্য আদিৰ দৰে সকলো পেটৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি ।

* কাঁহ,জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰাও মানিমুনি শাকে পৰিত্ৰাণ দিয়ে ।

* মানিমুনি শাক , অনিয়মীয়া ঋতুস্ৰাৱ ,গৰ্ভনিৰোধকৰ চিকিৎসাতো ব্যৱহাৰ কৰে ।

* সৰু ল’ৰা-ছোৱালীক মানিমুনি শাক খোৱালে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মগজুৰ বিকাশ কৰে ।

* সৌন্দৰ্যচৰ্চাতো মানিমুনি শাক ব্যৱহাৰ কৰা হয় । মানিমুনি শাক খোৱাৰ লগতে কেঁচাকৈ পিহি ছালত ঘঁহিলে ছাল মসৃণ হৈ উজ্জ্বল হয় ।

* যকৃতৰ অন্য এক ঔষধ বুলি মানিমুনি শাকক কোৱা হয় । ই আভোক দূৰ কৰি যকৃতক সুস্থ আৰু সৱল কৰি তোলে ।

* মানিমুনি শাকে মানুহৰ আয়ুস বৃদ্ধি কৰাৰ লগতে এলঝাইমাৰ ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয় ।

* ই পুৰুষ-মহিলা উভয়েৰে যৌন ক্ষমতা বৃদ্ধি কৰে ।

বি:দ্ৰ: ওপৰোক্ত বিধান প্ৰচলিত তথ্যৰ ওপৰত আধাৰিত। জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version