UNO ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংকত ভাৰতৰ স্থান ১৩২

WhatsApp Image 2022 09 09 at 18.01.57

UNO ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংক ২০২১-২২ সূচীত ভাৰতে লাভ কৰিছে ১৩২ সংখ্যক স্থান । ১৯১ ,খন ৰাষ্ট্ৰৰ মাজত চলোৱা এই সমীক্ষাত ভাৰতবৰ্ষৰ স্থান পূৰ্বতকৈ অৱনমিত হয় । যিহেতু ২০২০ বৰ্ষত ভাৰতৰ স্থান আছিল ১৩১ নম্বৰত । প্ৰধানকৈ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যেনে-স্বাস্থ্য, শিক্ষা আদিৰ ওপৰতেই এই সমীক্ষা কৰা হয় । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, বিশ্বজুৰি আৰম্ভ হোৱা ক’ভিড অতিমাৰীৰ বাবে মানৱ জাতিৰ উন্নয়ন স্থৱিৰ হৈ যোৱাৰ লগতে প্ৰায় পাঁচ বছৰ পিছুৱাই গ’ল বুলিও উল্লেখ কৰে ।

Exit mobile version