ঔষধি গুণেৰে ভৰপূৰ ড্ৰেগন ফলৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক…..

dragon fruit 1296x728 feature

বৰ্তমান সময়ত অত্যাধিক চাহিদা থকা ফলবিধেই হৈছে ড্ৰেগন ফল । বিশেষজ্ঞৰ মতে ড্ৰেগন ফলৰ বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণ আছে । যাৰবাবে আন্তৰ্জাতিক বজাৰতো ড্ৰেগন ফলৰ চাহিদা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ড্ৰেগন ফলৰ কেইটামান অতিকৈ উপকাৰী গুণ হৈছে…

১/ ড্ৰেগন ফল হৈছে এনে এবিধ ফল ,যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । ইয়াত থকা ভিটামিন চি-এ এই ৰোগ হ’ব পৰা উৎস ধ্বংস কৰে । ভিটামিন চি হৈছে এক শক্তিশালী এন্টিঅক্সিডেন্ট যি মানুহৰ শৰীৰত থকা দীৰ্ঘম্যাদী ৰোগ যেনে- মধুমেহ, আলঝেইমাৰ আদিৰ দৰে ৰোগো প্ৰতিৰোধ কৰে ।

২/ প্ৰচুৰ আঁহেৰে ভৰপূৰ এই ফলে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী কৰি হজমশক্তি বৃদ্ধি কৰে ।এই ফলত থকা অলিগোচেকাৰাইড সমৃদ্ধ হোৱা বাবে উপকাৰী বেক্টেৰিয়া উৎপন্ন কৰাত সহায় কৰে।

৩/ ড্ৰেগন ফলত থকা মেগনেচিয়ামে মানুহৰ হাড় মজবুত কৰে । ফলত হাড় দুৰ্বল হোৱা বা গাঁঠিৰ বিষ , বাত বিষৰ দৰে ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে ।

৪/ মানুহে দৈনিক ২২০ গ্ৰাম হলেও ড্ৰেগন ফল খাব লাগে । ইয়াত থকা বিটা কেৰোটিনে চকুৰ ছানি পৰা আৰু মেকুলাৰ ডিজেনাৰেচন ৰোধ কৰে ।

৫/ চুলিৰ গঠনৰ বাবেও ড্ৰেগন ফল অত্যন্ত উপকাৰী । দৈনিক এগিলাচ গাখীৰৰ লগত ড্ৰেগন ফলৰ পাউদাৰ মিহলি কৰি খালে চুলি ঘন,ক’লা আৰু দীঘল হয় ।

৬/ ওজন হ্ৰাস কৰাতো ড্ৰেগন ফল যথেষ্ট ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে । ইয়াত কলেষ্টৰেলৰ পৰিমাণ কম হোৱাৰ বাবে দীঘলীয়া সময়ৰ বাবে মানুহক পূৰ্ণতাৰ অনুভৱ দিয়াৰ লগতে ইয়াত থকা আঁহে বিপাকীয় হাৰ বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে ।

Exit mobile version