CHILDএক সমীক্ষাত প্ৰকাশ পাইছে যে,দৈনিক প্ৰতি এক হাজাৰ শিশুৰ মাজত ৮ -১০ জনেই হৃদৰোগত আক্ৰান্ত শিশু জন্ম হয় । আগতীয়াকৈ এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে অৱশ্যে সঠিক চিকিৎসাৰ যোগেদি এই হাৰ হ্ৰাস কৰিব পাৰি । গৰ্ভাৱস্থতাতে ইকোকাৰ্ডিয়গ্ৰাফীৰ সহায়ত জন্মগত দোষ যেনে – হৃদযন্ত্ৰত চিদ্ৰ থকা, অস্বাভাৱিক হৃদয়স্পন্দন আদি বহুকেইটা গুৰুতৰ ৰোগ চিনাক্ত কৰিব পাৰি । চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভাৱস্থাৰ ১৮ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত ইকোকাৰ্ডিয়গ্ৰাফী কৰিলে শিশুৰ হৃদযন্ত্ৰৰ ৰোগ ধৰা পেলাৱ পৰাৰ লগতে আৰোগ্য কৰাও সম্ভৱ হৈ পৰে । ইয়াৰলগতে তলত উল্লেখ কৰা লক্ষণ কেইটা দেখিলে ,আপুনি বুজি উঠিব যে, শিশুটিৰ হৃদযন্ত্ৰৰ সমস্যা আছে । যেনে— ১/ ঘন-ঘনকৈ শ্বাস লোৱা ২/ অস্বাভাৱিক হৃদস্পন্দন ৩/ পেট অথবা ভৰিৰ তলুৱা ফুলি থকা ৪/ ছাল আৰু ওঠত নীলা আভাস অহা ৫/ অস্বাভাৱিকভাৱে ভাগৰ লগা আৰু ৬/ স্তনপাণ কৰোতে ফোপনি অহা । ওপৰোক্ত লক্ষণ কেইটা দেখিলেই আপুনি বুজিব পাৰিব যে, আপোনাৰ শিশুটো হৃদৰোগত আক্ৰান্ত হৈ আছে ।
CHILD আপোনাৰ শিশুটি অত্যাধিক ক্লান্তি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে নেকি
যদি ভুগিছে ই কোন ৰোগৰ লক্ষণ হ'ব পাৰে !
-
By publisher
- Categories: News, Assam, India
- Tags: CHILD PROBLEMBEHAVIOR
Related Content
HOJ YATRA :উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ হজ যাত্ৰা
By
publisher
May 16, 2024
Supreme Court Ruling On Illegal Citizens:অবৈধ নাগৰিক সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
By
publisher
May 16, 2024
Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !
By
publisher
May 16, 2024