CHILDএক সমীক্ষাত প্ৰকাশ পাইছে যে,দৈনিক প্ৰতি এক হাজাৰ শিশুৰ মাজত ৮ -১০ জনেই হৃদৰোগত আক্ৰান্ত শিশু জন্ম হয় । আগতীয়াকৈ এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে অৱশ্যে সঠিক চিকিৎসাৰ যোগেদি এই হাৰ হ্ৰাস কৰিব পাৰি । গৰ্ভাৱস্থতাতে ইকোকাৰ্ডিয়গ্ৰাফীৰ সহায়ত জন্মগত দোষ যেনে – হৃদযন্ত্ৰত চিদ্ৰ থকা, অস্বাভাৱিক হৃদয়স্পন্দন আদি বহুকেইটা গুৰুতৰ ৰোগ চিনাক্ত কৰিব পাৰি । চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভাৱস্থাৰ ১৮ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত ইকোকাৰ্ডিয়গ্ৰাফী কৰিলে শিশুৰ হৃদযন্ত্ৰৰ ৰোগ ধৰা পেলাৱ পৰাৰ লগতে আৰোগ্য কৰাও সম্ভৱ হৈ পৰে । ইয়াৰলগতে তলত উল্লেখ কৰা লক্ষণ কেইটা দেখিলে ,আপুনি বুজি উঠিব যে, শিশুটিৰ হৃদযন্ত্ৰৰ সমস্যা আছে । যেনে— ১/ ঘন-ঘনকৈ শ্বাস লোৱা ২/ অস্বাভাৱিক হৃদস্পন্দন ৩/ পেট অথবা ভৰিৰ তলুৱা ফুলি থকা ৪/ ছাল আৰু ওঠত নীলা আভাস অহা ৫/ অস্বাভাৱিকভাৱে ভাগৰ লগা আৰু ৬/ স্তনপাণ কৰোতে ফোপনি অহা । ওপৰোক্ত লক্ষণ কেইটা দেখিলেই আপুনি বুজিব পাৰিব যে, আপোনাৰ শিশুটো হৃদৰোগত আক্ৰান্ত হৈ আছে ।
CHILD আপোনাৰ শিশুটি অত্যাধিক ক্লান্তি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে নেকি
যদি ভুগিছে ই কোন ৰোগৰ লক্ষণ হ'ব পাৰে !
-
By publisher

- Categories: News, Assam, India
- Tags: CHILD PROBLEMBEHAVIOR
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026