Madhya Pradesh : ‘দেৱতা’ৰ বাদাম খোৱাৰ বাবে দলিত শিশুক মাৰধৰ মন্দিৰৰ পুৰোহিতৰ !

WhatsApp Image 2022 09 10 at 20.18.32

GOD ঈশ্বৰৰ বাবে থোৱা বাদাম খাই পেলোৱাৰ বাবে দলিত শিশুক গছত বান্ধি ৰখাৰ অভিযোগ উঠিল মন্দিৰৰ পুৰোহিতৰ বিৰুদ্ধে । শিশুটিক মাৰধৰ কৰা হৈছে বুলিও অভিযোগ । এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত । সংশ্লিষ্ট পুৰোহিতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষীয়ে ।

শনিবাৰে ঘটনাটো সংঘটিত হৈছে মধ্যপ্রদেশৰ সাগৰ জিলাত । তাৰ এটা জৈন মন্দিৰৰ পুৰোহিতৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । অভিযুক্তৰ নাম ৰাকেশ জৈন । সাগৰ জিলাৰ জৈন ছিদ্দায়তন মন্দিৰৰ পুৰোহিত তেওঁ । অভিযোগ, ঈশ্বৰৰ বাবে থৈ দিয়া বাদাম খাই পেলোৱাৰ সন্দেহত দলিত শিশুটিক এজোপা গছত বান্ধি থৈছিল ৰাকেশে । বহু সময় বন্ধা অৱস্থাতেই আছিল শিশুটি ।

ভিডিঅ’ত দেখা গৈছে, গছত বন্ধা অৱস্থাত কন্দা-কটা কৰিছে সৰু ল’ৰাটোৱে । কাষতেই থিয় হৈ আছে অভিযুক্ত পুৰোহিত । আৰক্ষী সূত্রে খবৰ, শিশুটিৰ বয়‌স মাত্র ১১ বছৰ । সি যাতে পলাই যাব নোৱাৰে সেয়ে তাক এনেদৰে গছত বান্ধি ৰাখিছিল অভিযুক্ত‌ই । তাক মাৰধৰো কৰা হয় বুলি অভিযোগ । আৰক্ষীয়ে জনাইছে শিশুটিৰ শৰীৰত আঘাতৰ চিন আছে ।

শিশুটিৰ পৰিয়ালৰ তৰফৰ পৰা মন্দিৰৰ বাদাম খাই পেলোৱাৰ অভিযোগ ভুৱা বুলি জনাইছে । শিশুটিৰ পিতৃয়ে জনাইছে, তেওঁৰ পুত্ৰ‌ই মন্দিৰৰ দুৱাৰৰ কাষত থিয় হৈ আছিল । তাক ভিতৰত প্ৰৱেশ কৰা দেখিয়ে পুৰোহিত ক্ষুব্ধ হৈ পৰে । মাৰধৰ আৰম্ভ কৰে । তাৰ পাছত গছত ৰচিৰে বান্ধি ৰখা হয় । শিশুটিৰ পিতৃয়ে পুৰোহিতজনৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে । তথাকথিত তলৰ জাতৰ বুলি পুত্ৰৰ স’তে এই আচৰণ কৰা হৈছে বুলি তেওঁ দাবী কৰিছে । ৰাকেশ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

Exit mobile version