NAHARLAGUN নাহৰলগুণত শিশুসহ গ্ৰেপ্তাৰ দুই অপহৰণকাৰী

WhatsApp Image 2022 09 10 at 18.31.30

NAHARLAGUNনাহৰলগুণত শিশুসহ গ্ৰেপ্তাৰ দুই অপহৰণকাৰী :– এটি ৬ বছৰীয়া কন্যা শিশু অপহৰণ কৰি বিক্ৰী কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে গ্ৰেপ্তাৰ হ’ল দুই অপহৰণকাৰী । বিশ্বনাথ আৰক্ষীয়ে চলোৱা এক অভিযানত অৰুণাচল প্ৰদেশৰ নাহৰলগুণত বিক্ৰীৰ বাবে অপহৰণ কৰা কন্যা শিশুটিৰ লগতে এই দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে, বিশ্বনাথৰ ফলফলিৰ হাচিবুৰ ৰহমানৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল এটা পৰিয়াল । পৰিয়ালটোৰ কাষতে আন এটা ভাড়াঘৰত আছিল আবু তাহেৰ নামৰ অপহৰণকাৰীটো । এই অপহৰণকাৰীটোৱেই উক্ত পৰিয়ালটোৰ ৬ বছৰীয়া কন্যা শিশুটিক আইচক্ৰীম আৰু ই-ৰিক্সাত উঠোৱাৰ প্ৰলোভনেৰে বৰপুখুৰীৰ ললিত কেওট নামৰ আন এজন লোকৰ সৈতে মিলি অৰুণাচলৰ নাহৰলগুণত এজন ব্যক্তিক বিক্ৰীৰ বাবে লৈ যায় ।

উল্লেখযোগ্য যে, ডেৰ লাখ টকাত বিক্ৰীৰ বাবে প্ৰচেষ্টা চলোৱা সময়তে বিশ্বনাথ আৰক্ষীয়ে হাতে-লোটে দুই অপহৰণকাৰীক আটক কৰাৰ লগতে শিশুটিক উদ্ধাৰ কৰে । শিশুটিৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন হাজোৱাৰীৰ নেতৃত্বত যোৱা এই অভিযানকাৰী দলটোৱে শিশুটি সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে ধৃত অপহৰণকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version