13TH SEPTEMBER ১৩ ছেপ্তেম্বৰৰ পৰা ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীৰ তিনিদিনীয়া ভাৰত ভ্ৰমণ

WhatsApp Image 2022 09 12 at 20.02.10

THREEDAYSতিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ বিদেশ মন্ত্ৰী কেথেৰিন কলোনা ১৩ ছেপ্তেম্বৰত উপস্থিত হ’ব নতুন দিল্লী ৷ কলোনাই ভাৰতত থকা সময়ছোৱাত ভাৰতীয় বিদেশ মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় সমস্যাৰ সন্দৰ্ভত কৰিব মতবিনিময়  ৷

তেওঁৰ চৰকাৰী ভ্ৰমণসূচী অনুসৰি বৃহস্পতিবাৰে উদ্যোগপতি সকলৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ লগতে মায়ানগৰী মুম্বাই ভ্ৰমণ কৰিব ৷
আজি ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীৰ ভ্ৰমণৰ কাৰ্যসূচী এক বিবৃতি যোগে সদৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে বাণিজ্য, প্ৰতিৰক্ষা, জলবায়ু, প্ৰব্ৰজন আৰু গতিশীলতা, শিক্ষা আৰু স্বাস্থ্য খণ্ডত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিব ৷

Exit mobile version