Parched Rice Breakfast : পুৱাৰ জলপানত চিৰাৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ পঢ়ক

raw flattened rice thick thin rice flakes namkeen chivda snacks aloo poha indian breakfast served bowl 466689 19413

অসমীয়া সমাজত জলপানৰ এক সুকীয়া মৰ্যদা আছে । প্ৰতিজন অসমীয়াৰ আৱেগ জড়িত এই জলপানৰ বহুতো স্বাস্থ্যসন্মত গুণ আছে । আমি সাধাৰণতে জলপান বুলি ক’লে চিৰা, মুৰি, আখৈ, বৰা চাউল আদি গাখীৰ বা দৈ দি খোৱাকে বুজি পাওঁ । পুৱাৰ এই জলপান বাটিয়ে আমাৰ শৰীৰটো দিনটোলৈ শাঁত পেলাই ৰখাৰ লগতে শৰীৰটোও নিৰোগী কৰি ৰাখে । গতিকে আজি আমি সহজে উপলব্ধ হোৱা চিৰাৰ উপকাৰীত সম্পৰ্কে আলোচনা কৰিম ।

• ৰাতিপুৱাৰ জলপানত চিৰাৰ এক উল্লেখযোগ্য ভূমিকা আছে । চিৰা এক শক্তিবৰ্ধক আহাৰ । চিৰাই দিনটোলৈ শক্তি প্ৰদান কৰাৰ লগতে সক্ৰিয় কৰি ৰখাতো সহায় কৰে । ইয়াত থকা কাৰ্বহাইড্ৰেটে শৰীৰটোক শক্তিৰ যোগান ধৰাৰ লগতে দীঘলীয়া সময়ৰ বাবে পেটটো ভৰাই ৰাখে ।

• চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে । গতিকে যিসকল লোকৰ শৰীৰত তেজৰ পৰিমাণ কম তেওঁলোকে ৰাতিপুৱাৰ জলপানত দৈনিক চিৰা খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ।

• চিৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰ্ণ কৰে ।চিৰাত থকা ফাইবাৰ আৰু আইৰণে ব্লাড চুগাৰ নিয়ন্ত্ৰ্ণ কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে ।গতিকে ডায়েবেটিচ ৰোগী সকলে পুৱাৰ জলপানত চিৰা অন্তৰ্ভুক্ত কৰি নিজকে নিৰোগী কৰি ৰাখিব পাৰে ।

• ৰাতিপুৱাৰ জলপানত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰে লগতে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰাও বাচি থাকিব পাৰে ।

Exit mobile version