Russia Ukraine War : ইজিয়ুমৰ পাছত ৰুছ সীমান্তৰ গুৰুত্বপূর্ণ চহৰ দখল ইউক্রেইনৰ

অস্ত্ৰ নাটনিৰ সন্মুখীন পুটিন সেনা

220721170746 18 week in photos 0721 super tease

খাৰকিভৰ পাছত এইবাৰ ৰুছ সীমান্তৰ ভেলেইকি বাৰলুক দখল কৰিলে ইউক্রেইন সেনাই । সামৰিক অৱস্থানগত দিশৰ পৰা গুৰুত্বপূর্ণ চহৰখন ইউক্ৰেইনৰ অধীনস্থ হোৱাৰ আগতে ডনবাছ অঞ্চলত মোতায়েন ৰুছ বাহিনী অস্ত্র আৰু যুদ্ধ সামগ্ৰীৰ নাটনিৰ সন্মুখীন হ’ব পাৰে বুলি ধাৰণা কৰিছে সামৰিক বিশেষজ্ঞসকলৰ একাংশ‌ই ।

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ ঘনিষ্ঠ সেনা কমাণ্ডাৰ ভেলেৰি জালুঝনিয়ে সামাজিক মাধ্যমত বাৰলুক দখলৰ দাবী কৰি এটা প’ষ্টত লিখিছে, ‘আমি খাৰকিভৰ পৰা কেৱল দক্ষিণ আৰু পূৱ নহয় বৰঞ্চ উত্তৰ দিশেও অগ্রসৰ হোৱা আৰম্ভ কৰিছো । আমি ৰাষ্ট্ৰীয় সীমান্তৰ আৰু মাত্র ৫০ কিলোমিটাৰ দূৰত ।’

ইউক্রেইন সেনাৰ প্রত্যাঘাতত বিগত সপ্তাহত উত্তৰ-পশ্চিম ইউক্রেইনৰ খাৰকিভ প্রদেশৰ ইজিয়ুম চহৰ হেৰুৱাইছে ৰাছিয়াই । যোৱা ২৪ ফেব্রুৱাৰীত পুটিনে ইউক্রেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰাৰ কিছু দিন পাছতেই বেলাৰুছ সীমান্ত আৰু ডনবাছৰ অধিকৃত অঞ্চলৰ পৰা বাৰলুকৰ ওপৰত আক্ৰমণ চলাইছিল ৰুছ বাহিনীয়ে ।

এই চহৰ দখলৰ পাছত তাৰ পৰাই পূৱ এব উত্তৰ ইউক্রেইনৰ বিভিন্ন অঞ্চলত মোতায়েন ৰুছ ফৌজৰ বাবে অস্ত্র আৰু যুদ্ধ সামগ্ৰী সৰবৰাহৰ পৰিকাঠামো নিয়ন্ত্রিত হয় । এনে পৰিস্থিতিত মস্কোৰ তৰফৰ পৰা ‘পিছুৱাই অহাৰ ব্যাখ্যাও’ পোৱা গৈছে সোমবাৰে । ৰুছ সংবাদমাধ্যমৰ একাংশ‌ই জনাইছে, পুটিনৰ নির্দেশত ডনবাছ অঞ্চলৰ নিয়ন্ত্রণ শক্তিশালী কৰিবলৈ ইউক্রেইনৰ অন্য অঞ্চলসমূহৰ পৰা সেনা প্ৰত্যাহাৰ কৰা হৈছে ।

Exit mobile version