ICE PACK আইচ পেক ফেচিয়েলৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 13 at 19.33.01

ICE PACK আইচ পেক ফেচিয়েল হ’ল ছালৰ বাবে অতিকৈ প্ৰয়োজনীয় এক ফেচিয়েল পদ্ধতি । বৰ্তমান এই ফেচিয়েল পদ্ধতি যথেষ্ট জনপ্ৰিয় হোৱা দেখা গৈছে । আপুনিও যদি আপোনাৰ ছালখন উজ্জ্বল আৰু মসৃণ কৰিব বিচাৰে তেন্তে দৈনিক এই ফেচিয়েল পদ্ধতি ব্যৱহাৰ কৰিব পাৰে । অতি সহজ এই ফেচিয়েল পদ্ধতিৰ কাৰণে কোনো খৰচ নহয় । আপোনাৰ ফ্ৰিজত জমা হৈ থকা এটুকুৰা বৰফৰে আপুনি এই ফেচিয়েল কৰিব পাৰে ।

এই ফেচিয়েলৰ যোগেদি আপোনাৰ কি কি লাভ হ’ব ,সেইবিষয়ে তলত আলোচনা কৰা হ’ল।

১/ এটুকুৰা বৰফ লৈ মুখমণ্ডলত প্ৰায় ১০ মিনিট সময় লাহে লাহে মালিচ কৰিলে আপোনাৰ মুখৰ ছালখন মসৃণ হোৱাৰ লগতে উজ্জ্বল হৈ পৰিব । ই আপোনাৰ ছালত জমা হৈ থকা লেতেৰা পদাৰ্থবোৰ বাহিৰ কৰি এক সতেজ কৰি তুলিব ।

২/ সাধাৰণতে এটা বয়সত আমাৰ ছালখন কোমল হৈ ওলমি পৰা দেখা যায় । কিন্তু এই পদ্ধতি ব্যৱহাৰ কৰিলে আপোনাৰ ছালখন সংকুচিত কৰি বয়সৰ চাপ পৰা প্ৰৱণতা হ্ৰাস কৰিব ।

৩/ দৈনিক বৰফেৰে মুখমণ্ডল চাফা কৰিলে ই ছালৰ কোষবোৰ সক্ৰিয় কৰি তোলে আৰু ছালখন অধিক জিলিকাই তোলাত সহায় কৰিব ।

৪/ বৰফেৰে কৰা ফেচিয়েল ইমানেই উৎকৃষ্ট বুলি প্ৰমাণিত হৈছে যে, দৈনিক এই অভ্যাহে ছালৰ উজ্জ্বলতা দীৰ্ঘদিনৰ বাবে ধৰি ৰাখে ।

৫/ আজিকালি সকলোৱেই ৰূপসজ্জাৰ চৰ্চা কৰে । তেনেক্ষেত্ৰত দৈনিক বৰফেৰে মালিচ কৰা মুখত বহু সময়ধৰি মেকআপ ৰৈ থাকে । অৰ্থাৎ ই মেকআপ ধৰি ৰখা ক্ষমতা প্ৰদান কৰে ।

Exit mobile version