ARREST:উৎকোচ লৈ গ্ৰেপ্তাৰ পঞ্চায়ত সচিব সুজিত ঠাকুৰীয়া

WhatsApp Image 2022 09 14 at 19.36.09 1

ARREST:উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী । অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আজি দৰং জিলাৰ ধূলা গাঁও পঞ্চায়ত কাৰ্যালয়ত উৎকোচ লৈ থকা অৱস্থাতে সুজিত ঠাকুৰীয়া নামৰ পঞ্চায়ত সচিব তথা সহকাৰী বিডিঅ’জনক গ্ৰেপ্তাৰ কৰে ।

খবৰ অনুসৰি, ভুক্তভোগী ঠিকাদাৰজনে দিয়া অভিযোগৰ ভিত্তিতেই আজি দুৰ্নীতি নিবাৰক শাখাই এই অভিযান চলাইছিল । ঠিকাদাৰজনৰ বিলৰ ধন মুকলি কৰাৰ নামত দাবী কৰা ধন লওঁতেই দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ কৰ্মচাৰী জনক গ্ৰেপ্তাৰ কৰে ।

Exit mobile version