DEMOLITION OF MUMBAI ILLEGAL GULISTAN APARTMENTS: অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইৰ বৃহৎ গুলিষ্টান এপাৰ্টমেণ্টত

ব্ৰিহানমুম্বাই পৌৰ নিগমৰ বুলড’জাৰ

WhatsApp Image 2022 09 14 at 14.22.29 1

MUMBAI মুম্বাইৰ পাইধোনিৰ ইছমাইল কাৰ্টাৰ ৰোডত স্থিত ৯০ টা ফ্লেট বিশিষ্ট আটকধুনীয়া গুলিষ্টান এপাৰ্টমেণ্টত আজি ব্ৰিহান মুম্বাই পৌৰ নিগমে ধ্বংসৰ বাবে প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰে ৷ উল্লেখ্য যে সোমবাৰে অট্টালিকাত সক্ৰিয় হৈ থকা বিদ্যুৎ আৰু পানী যোগানৰ সংযোগ বিচ্ছিন্ন কৰে।স্মতৰ্ৱ্য যে বোম্বাই উচ্চ ন্যায়ালয়ে ২০২১বৰ্ষত এপাৰ্টমেণ্টটোৰ চ’ছাইটিক বিল্ডিংটো ভাঙি পেলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিএম চি হৈ পৰে তৎপৰ ৷

ADVERTISEMENT

উল্লেখ্য যে গুলিষ্টান এপাৰ্টমেণ্টৰ আৱাসীসকলে বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত আপিল কৰিছিল যদিও চলিত বৰ্ষৰ জুলাই মাহত বোম্বাই উচ্চ ন্যায়ালয়ৰ আদেশকে বাহাল ৰাখে সৰ্বোচ্চ ন্যায়ালয়ে। মন কৰিবলগীয়া যে,বিএম চিয়ে গুলিষ্টান এপাৰ্টমেণ্ট ধ্বংসৰ জাননী জাৰি কৰাৰ পাছত ২০১৮ চনত এই বিষয়ক লৈ এক আইনী যুঁজ আৰম্ভ হৈছিল। ভৱনটোৰ অবৈধ স্থিতিৰ বাবে চি-ৱাৰ্ডৰ নিৰ্মাণ বিষয়া সকলক ৰাজ্য চৰকাৰে গাঁথনিটোৰ অনুমতি দিয়াৰ বাবে নিলম্বিত কৰিছিল । ধ্বংসৰ তত্বাৱধান কৰা চি-ৱাৰ্ডৰ মনোনীত বিষয়া অমল মেচাৰামে কয় যে, তেওঁলোকে এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ মজিয়ালৈ নিছিল আৰু মঙলবাৰে তেওঁলোকে মুম্বাইৰ আৰক্ষী বাহিনীৰ সহযোগত গুলিষ্টান এপাৰ্টমেণ্টত চৌহদত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে এপাৰ্টমেণ্ট ভৱনটোৰ বিদ্যুৎ আৰু পানী যোগান বিচ্ছিন্ন কৰা হয়।

 

বিএম চিৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে যে যিহেতু এইটো এটা সংবেদনশীল বিষয় গতিকে তেওঁলোকে যিকোনো পদক্ষেপ লোৱাৰ আগতে ৰমজান মাহ আৰু গণেশোৎসৱ সমাপ্ত হোৱালৈ অপেক্ষা কৰিছিল। ইয়াৰোপৰি তেওঁলোকে ইয়াক অতি সোনকালে গ্ৰাউণ্ড জিৰ’লৈ অনাৰ কথাও উল্লেখ কৰে। উল্লেখনীয় যে, ২০১৮ চনত মাত্ৰ মাহৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল ১০ মহলীয়া বিল্ডিংটো আৰু ইয়াৰ ফ্লেটবোৰ সূলভ মূল্যত বিক্ৰী কৰা হৈছিল । বি এম চিয়ে আঢ়ৈ মাহৰ ভিতৰত এপাৰ্টমেণ্টটো ভাঙি পেলোৱাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে এজন ঠিকাদাৰ নিযুক্ত কৰে । সোমবাৰে বিল্ডিঙটোৰ বৈদ্যুতিক মিটাৰৰ কোঠাটো ভাঙি পেলোৱা হৈছিল আৰু লগতে স্লেব আৰু টেৰেছৰ বেৰবোৰো ভাঙি পেলোৱা হৈছিল।

আনহাতে, এপাৰ্টমেণ্টটোত বাস কৰা ৯০ টা পৰিয়াল সম্প্ৰতি হৈ পৰিছে গৃহহীন আৰু দিশহাৰা । লক্ষণীয়ভাৱে এপাৰ্টমেণ্টটোৰ ফ্লেট বসবাস কৰা কিছুলোকৰ ওচৰত ফ্লেট ক্ৰয়- বিক্ৰয়ৰৰ কোনো নথি-পত্ৰ নাই। আৱাসীসকলে কয় যে কৰ্তৃপক্ষই ভৱন নিৰ্মাণৰ আগতে বৈধতাৰ বিষয়টো গুৰুত্ব সহকাৰে লব লাগিছিল। কিছুমান আৱাসীয়ে আইনী সমস্যাৰ বিষয়ে নজনাকৈ এপাৰ্টমেণ্টৰ ফ্লেট সমুহ ক্ৰয় কৰিছিল।

Exit mobile version