TRAGEDY : মৰ্মান্তিক ! দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ ,নিহত ১১

WhatsApp Image 2022 09 14 at 19.36.10

JAMMU-KASHMIR : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ চাওজিয়ানৰ সীমান্ত বেল্টৰ ব্ৰাৰী নাল্লাহৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছে । নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাছ খন বাগৰি পৰাত কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে । দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ভাৰতীয় সেনা বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

জানিব পৰা মতে , উক্ত মিনি বাছখনে ৩৬ জনৰো অধিক যাত্ৰী লৈ গলি ময়দানৰ পৰা পুঞ্চ অভিমুখে আহি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে ।সন্দেহ কৰা মতে , বাছখনত থকা কমেও ১১ জন লোক ৰ মৃত্যু হোৱা বুলি আশংকা কৰাৰ লগতে ১২ জন লোকক সেনাৰ উদ্ধৰকাৰী দলে উদ্ধাৰ কৰি নিকিটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এই শোকাৱহ দুৰ্ঘটনাত জম্মু-কাশ্মীৰৰ লেফেটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

Exit mobile version