প্ৰভুভক্তৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এটা কুকুৰে ; কিন্তু ক’ত ? জানিবলৈ পঢ়ক 

WhatsApp Image 2022 09 16 at 17.41.13

আমেৰিকাৰ টেক্সাছ চহৰত সংঘটিত হৈছে এনে এটা ঘটনা যি ঘটনাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ঘটনা ক্ৰমে , এটা পোহনীয়া কুকুৰৰ সৈতে নিখোজ হৈছিল ছিলেন পাৰ্ল ৰডক্লিফ নামৰ এগৰাকী অশীতিপৰ বৃদ্ধা । খোজ কাঢ়ি ওলাই যোৱা বৃদ্ধাগৰাকীক দুদিনৰ পিছত এটা পথৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল ।

আশ্চৰ্যজনক কথা বৃদ্ধাগৰাকী উদ্ধাৰ কৰাৰ সময়ত কাষতে ৰৈ আছিল তেওঁৰ পোহনীয়া কুকুৰটো । ৮৪ বছৰীয়া পাৰ্ল নিখোজ হোৱাৰ পিছত পৰিয়ালৰ লোকে প্ৰশাসনক অৱগত কৰাত আৰক্ষী-প্ৰশাসনৰ লোকে বৃদ্ধা পাৰ্লক বিচাৰি দুদিন ধৰি অভিযান চলাইছিল ।

অৱশেষত এটা পথৰ কাষত পাৰ্লক তেওঁৰ ম্যাক্সিমাছ নামৰ পোহনীয়া কুকুৰটোৰ সৈতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অনুমান কৰা মতে, পাৰ্ল অচেতন হৈ পৰি যোৱা সময়ৰ পৰা পোহনীয়া কুকুৰ ম্যেক্সিমাছে তেওঁৰ পহৰা দি আছিল । বৰ্তমান পাৰ্ল সুস্থ হৈ উঠিছে । অৱশ্যে অজ্ঞান হৈ থকাৰ সময়ছোৱাৰ কোনো কথাই মনত নাই পাৰ্লৰ । ইতিমধ্যে পাৰ্ল পৰিয়ালৰ মাজলৈ ঘূৰি আহিছে ।

সকলোৱে এতিয়া পাৰ্লৰ ৰখীয়া হৈ থকা ম্যাক্সিমাছক প্ৰশংসাৰে উপচাই দিছে । ম্যাক্সিমাছ নথকা হ’লে হয়তো পাৰ্লক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’লহেতেন বুলি মন্তব্য কৰিছে স্থানীয় লোকে ।

Exit mobile version