৩০ টকাৰ লটাৰী টিকটে খুলিলে ভাগ্য, পূজাৰ পূৰ্বে হ’ল কোটিপতি 

WhatsApp Image 2022 09 16 at 11.35.29

চাইফুল জানান নামৰ এই লোকজনে লটাৰীত জিকিছে এক কোটি টকা । এই টকাৰে চাইফুলে কিনিব খুজিছে এটুকুৰা মাটি অথবা ঘৰ । এই সকলোবোৰ কেনেকৈ সম্ভৱ হ’ল ! পেছাত এগৰাকী শাক-পাচলি বিক্ৰেতা চাইফুলে এখন লটাৰী টিকটৰ দোকানত শেষত থাকি যোৱা এটা মাত্ৰ ৩০ টকীয়া লটাৰী টিকট কিনি ক্ষন্তেকতে কোটিপতি হয় ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা লটাৰী খেলখনত হাবড়া থানাৰ কুমড়া পাঁচঘৰীয়া অঞ্চলৰ বাসিন্দা চাইফুলে এৰাতিৰ ভিতৰতে এক কোটি টকা লাভ কৰি কোটিপতি হয় । দীৰ্ঘদিন ধৰি দৰিদ্ৰতাৰ সৈতে যুঁজি থকা চাইফুলে অশোক নগৰৰ ৰেল ষ্টেছনত এখন পাচলিৰ দোকান দি জীৱন অতিবাহিত কৰিছিল । সেই সামান্য আয়েৰে পিতৃ-মাতৃ, পত্নী আৰু ল’ৰা-ছোৱালীৰ সৈতে মুঠ ৭ জনীয়া এটা পৰিয়াল চলিছিল । কিন্তু বুধবাৰে ক্ৰয় কৰা এটা ৩০ টকীয়া লটাৰী টিকটে চাইফুলৰ জীৱন সলনি কৰিলে ।

বৃহস্পতিবাৰে এক কোটি টকা লাভ কৰি চাইফুলে আনন্দতে প্ৰকাশ কৰে যে, এই টিকটটো দোকানীজনে তেওঁক জোৰকৰিয়ে দিছিল । চাইফুলৰ আনন্দত পৰিয়ালটোও আত্মহাৰা হৈ পৰা দেখা গৈছে । এতিয়া চাইফুলে এই টকাৰে এটুকুৰা মাটি আৰু ঘৰ কিনাৰ পৰিকল্পনা কৰিছে । বাকী থকা ৰাহি ধনৰাশি ভৱিষ্যতলৈ সাচি ৰখাৰ কথা উল্লেখ কৰিছে । উল্লেখযোগ্য যে, কোটিপতি হলেও চাইফুলে কিন্তু এই পাচলি ব্যৱসায় অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ।

Exit mobile version