Project Cheetah : ৭০ বছৰ পাছত বিশেষ বিমানত ভাৰতত অনা হ’ব বিলুপ্ত চিতা

কি কি বিশেষত্ব আছে এই বিমানৰ...

1321483 project cheetah

১৯৫০-ৰ দশকত ভাৰতৰ পৰা বিলুপ্ত হৈ যায় চিতা । সেয়ে ভাৰতত চিতাৰ পর্যাপ্ত বংশবৃদ্ধি কৰিবলৈ আফ্রিকাৰ পৰা আঠটা চিতা অনা হ’ব ভাৰতত । নামিবিয়াৰ পৰা মধ্যপ্রদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হ’ব এই চিতাকেইটাক । বিশেষভাৱে পৰিৱর্তিত বি-৭৪৭ জাম্ব’ জেট বিমানত চিতাকেইটাক ভাৰতলৈ অনা হ’ব । ‘প্রজেক্ট চিতা’ সফল কৰিবলৈ ইতিমধ্যে বিমানখনে নামিবিয়াত অৱতৰণ কৰিছে । কি কি বিশেষত্ব আছে এই বিমানৰ ?

যিটো বি-৭৪৭ বিমানত চিতাকেইটাক অনা হ’ব তাৰ সন্মুখৰ অংশত চিতাৰ মুখ অংকন কৰা হৈছে ।

চিতা আনিবৰ বাবে নতুনকৈ সজোৱা হৈছে বি-৭৪৭ বিমানখনৰ ভিতৰৰ অংশ । বিমানৰ ভিতৰৰ মূল অংশৰ অধিকাংশ ঠাই খালি কৰি ৰখা হয় পশু ৰখাৰ পিঞ্জৰা । এই পিঞ্জৰাবোৰতে ভৰাই চিতাকেইটাক ভাৰতলৈ অনা হ’ব ।

বিমানৰ ভিতৰত থাকিব এজন পশুচিকিৎসক । যাত্রাপথত চিতাকেইটাৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পশুচিকিৎসকজনক ৰখা হ’ব বিমানৰ ভিতৰত । প্রয়োজন হ’লে পিঞ্জৰা খুলি চিতাকেইটাৰ চিকিৎসা কৰাৰ অনুমতিও দিয়া হৈছে পশুচিকিৎসকজনক ।

পশুচিকিৎসকৰ উপৰিও বিমানত থাকিব বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত কে’বাজনো নিৰাপত্তাৰক্ষী ।

মূলত দূৰপথত যাত্রাৰ বাবে নিৰ্মাণ কৰা হৈছিল বি-৭৪৭ বিমানখন ।

বি-৭৪৭ বিমানখনে একেৰাহে ১৬ ঘণ্টা উৰিব পাৰে । অর্থাৎ নামিবিয়াৰ পৰা ভাৰতত অহাৰ সময়ত ইন্ধন ভৰাবৰ বাবে ক’তো ৰখিব নালাগিব বিমানখনে । চিতাকেইটাক সুস্থভাৱে ভাৰতলৈ আনিবৰ বাবে এইটৈ অতি গুৰুত্বপূর্ণ ।

ভাৰতীয় বন বিভাগৰ এজন বিষয়াই জনাইছে, সম্পূৰ্ণ যাত্রাপথত চিতাকেইটাক খালি পেটত ৰখা হ’ব । সিহঁতৰ যাতে বমি ভাব বা অন্য কোনো অসুবিধা নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলিও জানিব পৰা গৈছে ।

প্রসংগত, ১৭ ছেপ্টেম্বৰত এই কার্গ’ বিমানত ৰাজস্থানৰ জয়পুৰত আঠটা চিতা লৈ অহা হ’ব । ইয়াৰ ভিতৰত আছে পাঁচটা মাইকী আৰু তিনিটা মতা চিতা ৷ ইয়াৰে আকৌ দুটা চিতা সম্পর্কত সহোদৰ । একজোঁট হৈ চিকাৰ কৰাই সিহঁতৰ অভ্যাস ।

ইয়াৰ পাছতে হেলিকপ্টাৰত জয়পুৰৰ পৰা মধ্যপ্রদেশৰ শেওপুৰ অঞ্চলত কুনো ৰাষ্ট্ৰীয় উদ্যানত লৈ যোৱা হ’ব চিতাকেইটাক । তাতেই সিহঁতে স্থায়ীভাৱে বসবাস কৰিব ।

১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন । চিতাকেইটাক আদৰণি জনাবলৈ জন্মদিনৰ দিনা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । নিজ হাতে চিতাকেইটাক এৰি আহিব । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে মঙলবাৰে এই কথা সদৰি কৰিছে ।

প্রথমেই অৰণ্যত নেৰি আৱেষ্টনিৰ মাজত মুক্ত প্রান্তৰত এৰি দিয়া হ’ব আঠটা চিতাক । যাতে সিহঁতে পৰিৱেশৰ স’তে খাপ খাব পাৰে, সেই উদ্দেশ্যেই এই ব্যৱস্থা কৰা হৈছে ।

কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয় সূত্রে খবৰ, দক্ষিণ আফ্রিকা অথবা নামিবিয়াৰ পৰা আগন্তুক পাঁচ বছৰত কে’বাটাও পৰ্যায়ত ৫০টা চিতা ভাৰতত অনা হ’ব । ইয়াৰ ভিতৰত অক্টোবৰত দক্ষিণ আফ্রিকাৰ পৰা আৰু ১২টা চিতা অনা হ’ব বুলিও জানিব পৰা গৈছে । যিকেইটা চিতা অনা হ’ব সিহঁতৰ এক-তৃতীয়াংশ‌ই অল্প বয়স্কৰ ।

অতিৰিক্ত চিকাৰ আৰু বাসস্থান ধ্বংসৰ দৰে কাৰণত ভাৰতৰ পৰা লাহে লাহে নিশ্চিহ্ন হৈ গৈছে মেকুৰী প্রজাতিৰ এই প্রাণী ।

১৯৪৭ত ছৰগুজাৰ (বর্তমান ছত্তীছগঢ় ৰাজ্যত অৱস্থিত) ৰামানুজ প্রসাদ সিংহদেওৰ গুলীত কোৰিয়াৰ শাল বনত মৃত্যু হয় ভাৰতৰ শেষ তিনি চিতাৰ ।

পাঁচ বছৰ পাছত ১৯৫২ত তৎকালীন কেন্দ্রীয় চৰকাৰৰ পক্ষৰ পৰা চিতাক বিলুপ্ত বুলি ঘোষণা কৰা হয় । সেই সময়ৰ পৰা বিগত সাত দশক ধৰি দেশত চিতা নাছিল । মোদী চৰকাৰৰ দাবী, ভাৰতৰ অৰণ্যত লুপ্ত হৈ যোৱা সেই চিতা ঘূৰাই অনাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে ।

অৱশ্যে ভাৰতত ঘূৰাই অনা চিতাকেইটা আফ্রিকাৰ । কেৱল মাত্র ইৰানতেই এই পর্যন্ত এছীয় চিতাৰ সন্ধান পোৱা যায় ।

প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ আমোলত এবাৰ ইৰানৰ পৰা এছীয় চিতা ভাৰতত অনাৰ পৰিকল্পনা কৰা হৈছিল যদিও পাছত ব্যৰ্থ হয় ।

Exit mobile version