কি চাৰিটাকৈ পাচলিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে ! জানিবলৈ পঢ়ক 

WhatsApp Image 2022 09 17 at 15.41.23

ইউৰিক এচিড বৃদ্ধি পোৱাটো এটা গুৰুতৰ অসুখ । এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত জটিল সমস্যাই দেখা দিয়ে । ইউৰিক এচিডৰ পৰাই শৰীৰত বিষজাতীয় না-না জটিল ৰোগ হয় । তেনে এক জটিল ৰোগ হৈছে বাতবিষ ৰোগ । এইক্ষেত্ৰত বিশেষজ্ঞ সকলে ইউৰিক এচিড থাকিলে খোৱাৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছে ।

কলকাতাৰ এপল’ ২৪×৭ ডা: উৎস বাসুৰ ক্লিনিকৰ প্ৰধান ডায়েটিছিয়ান ঈশানী গঙ্গোপাধ্যায়ে কয় যে, বৰ্তমান বহু মানুহ ইউৰোপ এচিডৰ কৱলত পৰিছে । ইউৰিক এচিড হ’লে শৰীৰত কিছুমান গুৰুতৰ লক্ষণে দেখা দিয়ে । প্ৰধানকৈ বাতবিষৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ইউৰিক এচিড হ’ব পৰা কিছুমান পাচলি খোৱাটো বন্ধ কৰিব লাগে ।

১/ পালেং শাক খোৱাৰ পৰা দূৰৈত থাকিব লাগে । ঈশানী গঙ্গোপাধ্যায়ে কৈছে যে, পালেংশাক ভিটামিন ও খনিজেৰে ভৰপূৰ এনে এবিধ শাক য’ত এন্টিঅক্সিডেন্টও প্ৰচুৰ পৰিমাণে পোৱা যায় । ইমান ফলপ্ৰসূ যদিও এই শাক বেছিকৈ খালে অনেক সমস্যাই দেখা দিব পাৰে । ইয়াত থকা অক্সালেট ইউৰিক এচিডৰ কাৰণে খুবেই মাৰাত্মক । গতিকে ইউৰিক এচিড থকা লোকে পালেং শাক বৰ্জন কৰাটো খুবেই প্ৰয়োজন ।

২/ বিলাহী খালেও ইউৰিক এচিড বাঢ়িব পাৰে । বিলাহীত থকা ডায়েটৰি ফাইবাৰ শৰীৰৰ কাৰণে ভাল যদিও অধিক অক্সালেট থকাৰ কাৰণে বিলাহীয়ে ইউৰিক এচিড বৃদ্ধি কৰে ।

৩/ অত্যাধিক ভেন্দী খোৱাটোও ইউৰিক এচিড থকা লোকৰ কাৰণে বেয়া । ভেন্দীত থকা এন্টিঅক্সিডেন্টে ইউৰিক এচিড বৃদ্ধি কৰি বিভিন্ন ধৰণৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

৪/ ইউৰিক এচিড থকা লোকে বিট কম খোৱাটো দৰকাৰ । এটা অতি উপকাৰী পাচলি হৈছে বিট । ইয়াত অত্যাধিক পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ আছে যদিও বিট নিয়মিত খালে শৰীৰৰ ভাল হোৱাতকৈ বেয়াহে হ’ব পাৰে । বিটত থকা বিটা কেৰটিনে ইউৰিক এচিড থকা লোকৰ কাৰণে অনেক সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

Exit mobile version