26 SEPTEMBER:২৬ ছেপ্টেম্বৰত মহাকাশত দেখা যাব মহাজাগতিক বিস্ময় : নাছা

WhatsApp Image 2022 09 18 at 18.07.07

26 SEPTEMBER:অহা ২৬ ছেপ্টেম্বৰত মহাকাশত এক বিৰল দৃশ্য দেখা পোৱা যাব । এই তথ্য নাছাই সদৰি কৰাৰ লগতে কেনেধৰণে দেখা পোৱা সেইবিষয়েও উল্লেখ কৰিছে । মহাকাশত বহুত বিস্ময়কৰ ঘটনা দৃষ্টিগোচৰ হয় । তাৰে কিছু ঘটনা ঐতিহাসিক ঘটনা ৰূপে পৰিগণিত হয় । তেনে এক ঐতিহাসিক মহাজাগতিক ঘটনা অহা ২৬ ছেপ্টেম্বৰত সংঘটিত হ’ব ।
পশ্চিমবংগত যিদিনা দেৱীপক্ষৰ আৰম্ভ হ’ব , সেইদিনাই মহাকাশত এই বিৰল ঘটনা দৃষ্টিগোচৰ হ’ব । অৰ্থাৎ সেইদিনা পৃথিৱীৰ নিচেই ওচৰ চাপিব বৃহস্পতি গ্ৰহ । সৌৰজগতৰ এই ডাঙৰ গ্ৰহটো পৃথিৱীৰ কাষ চাপোতে সৌৰজগতৰ আৰু চাৰিটা উপগ্ৰহো পৃথিৱীৰ ওচৰ চপা দেখা যাব ।

সাধাৰণতে সূৰ্য য’ত অস্ত যায় ,তাৰ ঠিক বিপৰীত দিশত পূৱৰ আকাশত না-না মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যায় আৰু যদি এই ঘটনা পশ্চিমৰ আকাশত হয় , তেতিয়া এই পৰিঘটনা দেখাত অসুবিধা হ’ব । অৰ্থাৎ সূৰ্যৰ পোহৰত এই পৰিঘটনা দেখা পোৱা নাযাব । এইবাৰ বৃহস্পতি গ্ৰহ সূৰ্যৰ কাষলৈ আহোতে সূৰ্যৰ বিপৰীত দিশত দেখা পোৱা যাব । জ্যোতিৰ্বিজ্ঞানী সকলে এই দৃশ্য ভীষণ ভালধৰণে দেখা পোৱা যাব বুলি দাবী কৰিছে ।

উল্লেখযোগ্য যে, প্ৰতি ১৩ মাহৰ অন্তৰে অন্তৰে পৃথিৱীৰ কাষ চাপে বৃহৎ গ্ৰহ বৃহস্পতি । কিন্তু এইবাৰ যিমান কাষ চাপিব সেইয়া অৱশ্যে ৭০ বছৰ ধৰি হোৱা নাই বুলিও দাবী কৰিছে জ্যোতিৰ্বিজ্ঞানী সকলে । বৃহস্পতি পৃথিৱীৰ পৰা প্ৰায় ৬০০ মিলিয়ন মাইল দূৰৈত অৱস্থান কৰে আৰু যেতিয়া কাষ চাপে তেতিয়া ৩৬৫ মাইল দূৰৈত থাকে । কিন্তু ২৬ ছেপ্টেম্বৰত বহু ওচৰ চাপিব বুলি উল্লেখ কৰিছে জ্যোতিৰ্বিজ্ঞানীসকলে ।

এই মহাজাগতিক দৃশ্য এটা ভাল বাইন’কুলাৰ ব্যৱহাৰ কৰি চাব পাৰিব । বাইন’কুলাৰটো ভাল হ’লে ইয়াৰযোগেদি বৃহস্পতি গ্ৰহ দেখাৰ লগতে আন চাৰিটা উপগ্ৰহও দেখা পোৱা যাব । এই চাৰিটা বৃহৎ উপগ্ৰহ হৈছে , আইয়ো, ইউৰোপা, গ্যানিমিড আৰু ক্যালিষ্টো ।
জ্যোতিৰ্বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ৪ ইঞ্চি টেলিস্কোপেৰেও বৃহস্পতি গ্ৰহক সুন্দৰকৈ দেখা পোৱা যাব । অন্ধকাৰচ্ছন্ন ঠাইৰ পৰা এই বিৰল দৃশ্য অধিক ভালকৈ দেখা পোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version