FATTY LIVER:ফেটি লিভাৰৰ বাবে উপকাৰী পাঁচবিধ ফলৰ বিষয়ে জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 18 at 16.53.30

FATTY LIVER: বৰ্তমান ফেটি লিভাৰৰ দৰে ঘাতক ৰোগ সচৰাচৰ হোৱা দেখা যায় ।এই ফেটি লিভাৰ ৰোগৰ পৰাই লিভাৰ ছিৰ’ছিছ হোৱাৰ ভয় থাকে । তেনেক্ষেত্ৰত মানুহে খাদ্য অভ্যাসৰ প্ৰতি বিশেষ ধ্যান দিয়াৰ আৱশ্যকতা আছে ।
লিভাৰত ফেট জমা হোৱা এই ৰোগ সাধাৰণতে অত্যাধিক মদ্যপাণ কৰা আৰু বজাৰত সহজে উপলব্ধ হোৱা বিভিন্ন ফাষ্ট ফুডৰ কাৰণে হয় । যিহেতু বৰ্তমান মানুহৰ জীৱনশৈলী যথেষ্ট যান্ত্ৰিক হৈ যোৱাৰ কাৰণে বজাৰত উপলব্ধ হোৱা ফাষ্ট ফুডৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে । যিটো কাৰণে বৰ্তমান প্ৰায়ভাগ মানুহৰ ফেটি লিভাৰ ৰোগ হোৱা দেখা যায় ।
কলকাতাৰ ইনষ্টিটিউট অৱ নিউৰ’চায়েন্সৰ প্ৰধান মীনাক্ষী মজুমদাৰে এই ৰোগৰ পৰা বাচিবলৈ ডায়েট খুউৱ জৰুৰী বুলি উল্লেখ কৰি ফাইবাৰ ও এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ৫ বিধ ফল খোৱাৰ পোষকতা কৰিছে ।

১/ অমিতা : মীনাক্ষী মজুমদাৰে ফেটি লিভাৰৰ বাবে সকলো সময়তে উপলব্ধ হোৱা অমিতা আটাইতকৈ উৎকৃষ্ট ফল বুলি অভিহিত কৰিছে । এই ফলত থকা ভিটামিন এ , চি ,ফাইবাৰ আৰু বিভিন্ন এণ্টিঅক্সিডেণ্টে লিভাৰৰ ফেট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে ।

২/ মৌচুমী টেঙা : যিকোনো লিভাৰ ৰোগীৰ বাবে মোচুমী টেঙা অতি ভাল ফল । ইয়াত থকা ভিটামিন চি-এ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাৰ লগতে ভিটামিন এ , কেলচিয়াম , পটাচিয়াম আৰু ফাইবাৰে লিভাৰৰ ফেট হ্ৰাস কৰে । গতিকে ডা : মজুমদাৰে মৌচুমী টেঙা দৈনিক খাবলৈ পৰামৰ্শ আগবঢ়াইছে ।

৩/ পমেল’ টেঙা : ফেটি লিভাৰ ৰোগীৰ কাৰণে পমেল’ টেঙা খুউৱ ভাল ফল । ইয়াত থকা ভিটামিন চি , ভিটামিন এ ,কোলাইন, লাইকোপেন আদিয়ে ফেটি লিভাৰ ৰোগ হ্ৰাস কৰাত সহায় কৰে ।

৪/ তৰমুজ : মীনাক্ষী মজুমদাৰে কৈছে যে , তৰমুজ ফলত থকা ভিটামিন , মেগনেছিয়াম , পটাছিয়াম , এণ্টিঅক্সিডেণ্ট , ফাইবাৰ আদি পেটৰ কাৰণে খুউৱ ভাল হোৱাৰ লগতে লিভাৰত হ’ব পৰা ফেট ৰোধ কৰাত সহায় কৰে ।

৫/ মধুৰী আম : আমাৰ সকলোৰে বাৰীত সহজে পোৱা এবিধ ফল হৈছে মধুৰী আম । এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন বি ৬ , ভিটামিন চি , মেগনেছিয়াম , পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট আছে । যি ফেটি লিভাৰ ৰোগৰ কাৰণে উৎকৃষ্ট ফল হিচাপে প্ৰমাণিত হৈছে ।

বি: দ্ৰ: ওপৰোক্ত লেখন তথ্যৰ ওপৰত আধাৰিত যদিও কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক ।

Exit mobile version