KING III CHARLES:কিং তৃতীয় চালৰ্চৰ ৰাজকীয় অভ্যাস ; ইষ্ট্ৰি কৰে জোতাৰ ফিটা , ব্ৰাছত পেষ্ট লগাই দিয়ে কৰ্মচাৰীয়ে

WhatsApp Image 2022 09 18 at 16.41.10

QUEEN ELIZABETH II: ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত শনিবাৰে প্ৰিন্স চালৰ্চে ৰাজ সিংহাসনত অধিষ্ঠিত হয় । ইয়াৰ পিছতে প্ৰিন্স চালৰ্চৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হোৱা দেখা গৈছে । ভিডিঅ’টোত প্ৰিন্স তৃতীয় চালৰ্চে টেবুলৰ ওপৰত তিনিটা কলম ৰাখিবলৈ নিৰ্দেশ দিছিল আৰু তাৰে এটা কলম তেওঁ হাতত তুলি লোৱা দেখা গৈছিল । এই ভাইৰেল ভিডিঅ’টো দেখি এতিয়া বহুতেই প্ৰশ্ন কৰিছে যে, সিংহাসনত বহিয়েই তৃতীয় চালৰ্চ কেনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰিব ? সেইয়া হ’ব এক লক্ষণীয় বিষয় । ইফালে ৰাজ পৰিয়ালৰ ভিতৰুৱা খবৰ অনুসৰি , অতিকৈ চৌখীন চালৰ্চে কোনো কামেই নিজে কৰি নলয় ।

২০১৫ চনত প্ৰকাশ পোৱা এখন তথ্যচিত্ৰত ৰাণী এলিজাবেথ আৰু প্ৰয়াত ডায়েনাৰ কৰ্মচাৰী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি থকা পল বাৰেলে তৃতীয় চালৰ্তৰ দাঁত ঘহা ব্ৰাছত পেষ্ট লগাই দিয়া দেখা গৈছে । উল্লেখযোগ্য যে , প্ৰায় এক ইঞ্চিকৈ পেষ্ট লগোৱা ব্ৰাছডালত ইয়াতকৈ কম হ’লেও প্ৰিন্সে পচন্দ নকৰা দেখা গৈছে । ৰজাঘৰৰ কৰ্মচাৰীয়ে প্ৰিন্সৰ ৰাতি শোৱা পায়জামাও ইষ্ট্ৰি কৰি দিয়ে । অকল কাপোৰেই নহয় , শুনি হয়তো আচৰিত লাগিব যে, প্ৰিন্সৰ জোতাৰ ফিটাও ইষ্ট্ৰি কৰা হয় । প্ৰিন্সৰ বাথ টাবৰ পানী কিমান থাকিব আৰু পানীৰ উষ্ণতাও দৈনিক জোখা হয় ।

খোৱাৰ ক্ষেত্ৰতো নিয়মানুৱৰ্তীতা বজাই ৰখা প্ৰিন্স য’তেই নাযাওক কিয় কেইবাজনো কৰ্মচাৰীয়ে এটা ডাঙৰ টিফিন বক্স লগত লৈ যায় ।য’ত ছবিধ সুস্বাদু মৌ ৰস, ঘৰতে তৈয়াৰ কৰা পাউৰুটী ,চীজ ও কুকিজ থাকে । আহাৰো এক নিৰ্দিষ্ট উষ্ণতাত ৰখা হয় । প্ৰিন্স চালৰ্চ নিজৰ পচন্দৰ ক্ষেত্ৰত ইমানেই সচেতন যে , শৌচালয় ব্যৱহাৰ কৰা সময়ৰো সলনি নহয় । এই নিৰ্দিষ্ট আকাৰৰ ক’মোডটো প্ৰিন্স য’লৈকে যায় তালৈকে লৈ যোৱা হয় । ক’মোডৰ ওপৰত থকা বিশেষ আসনত বহি প্ৰিন্সে শৌচালয় ব্যৱহাৰ কৰে । যিখন আসনত বহে সেই আসনখনো ৰাজ সিংহাসনৰ দৰে নিৰ্মাণ কৰা হৈছে লগতে এটা বিশেষ সংস্থাই তৈয়াৰ কৰা টিচ্যু পেপাৰহে ব্যৱহাৰ কৰে ৰজা তৃতীয় চালৰ্চে ।

Exit mobile version