SMART PICK GUWAHATI: বিশ্বকৰ্মাৰ পূজাৰ দিনটোত মহানগৰীত সুৰাৰ বন্যা

সুৰা বিক্ৰীৰ পূৰ্বৰ অভিলেখ ভংগ , এদিনতে বিক্ৰী ৬ কোটি

WhatsApp Image 2022 09 18 at 19.52.23

SMART PICK GUWAHATI: স্মাৰ্ট চিটিৰ স্মাৰ্ট কাম ! এদিনতে গুৱাহাটীত বিক্ৰী ছয়কোটিৰ সুৰা৷ পূৰ্বৰ ৩কোটিৰ ৰেকৰ্ড ভংগ কৰিলে গুৱাহাটীয়ে ৷ বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ দিনটোতউত্তৰ-পূৱৰ দুৱাৰ মুখ গুৱাহাটীত অভিলেখ সংখ্যক সুৰা বিক্ৰী হয় ৷

প্ৰায় ৬ কোটি ২০ লাখ টকাৰ সুৰা বিক্ৰীৰে বিগত বৰ্ষৰ ৩কোটি ৭০ লাখৰ ৰেকৰ্ড ভংগ কৰে গুৱাহাটীয়ে ৷ যেন বিশ্বকৰ্মা পূজাৰ দিনটোতসুৰাপায়ী সকলে ভালকৈ সুৰাৰ ৰাগীত মগন হৈ ৰাজ্যৰ ৰাজকোষ অলপ হ’লেও টনকিয়াল কৰিলে৷ উল্লেখ্য যে দিনক দিনে মহানগৰীত উৎসৱ-পাবনত সুৰাৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে ৷

Exit mobile version