HAWLI : হাউলীত পুনৰ ড্ৰাগছসহ এজন ব্যৱসায়ী আটক

WhatsApp Image 2022 09 19 at 19.49.17

POLICE : আৰক্ষীৰ ব্যাপক তৎপৰতাৰ পাছতো একাংশ দুষ্ট চক্ৰই গোপনে চলাই গৈছে ড্ৰাগছৰ ব‍্যৱসায়। হাউলী আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে অভিযান চলাই ইজনৰ পাছত আনজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেললৈ পঠিয়াব সক্ষম হৈছে । হাউলী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত কালি নিশা হাউলীৰ মিলনবজাৰত অভিযান চলাই এগৰাকী ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত ব্যক্তিক আটক কৰে ।

আটকাধীন ব্যক্তি গৰাকী হাউলীৰ কঠলিঝাৰৰ লালচান আলী বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ধৃত লালচান আলীৰ পৰা ২৭.৩৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে বুলি জনাইছে আৰক্ষীয়ে ৷ স্থানীয় লোকে জনোৱামতে হাউলীৰ মিলন বজাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি গ্ৰাহকৰ সন্ধানত আছিল ধৃত ড্ৰাগছ ব্যৱসায়ীটো । ড্ৰাগছ ব্যৱসায়ীটোৱে ব্যৱহাৰ কৰা এখন ই-ৰিক্সা আৰু এটা মোবাইল আৰক্ষীয়ে ফোন জব্দ কৰিছে । উল্লেখ্য যে, কালি নিশা চক্ৰ আৰক্ষী বিষয়া চানক্য দেউৰী, হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাসহ আৰক্ষীৰ এটা দলে এই অভিযান চলায়।

Exit mobile version