INTERNATIONAL : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা বড়ো ভাষাৰ ছবি ‘ছিজৌ’ ৰ মুক্তিৰ প্ৰথম দিনাই ব্যাপক সহাৰি

WhatsApp Image 2022 09 19 at 14.39.01

INTERNATIONAL : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বড়ো ভাষাৰ ছবি ‘ছিজৌ’ মুক্তিৰ প্ৰথম দিনাই বড়ো ভূমিত ব্যাপক সহাৰি লাভ কৰিছে ।
উদীয়মান যুৱ প্ৰযোজক ,পৰিচালক তথা অভিনেতা বিশাল পি চলিহা, প্ৰিয়ম খেৰকটাৰী আৰু ঔম প্ৰকাশ খেৰকটাৰী প্ৰযোজিত বড়ো ভাষাৰ ইতিহাস সমৃদ্ধ ছবি ‘ছিজৌ’ – এ কোকৰাঝাৰৰ গল্ড ডিজিটেল চিনেমা হ’লত তিনিটা শ্ব’ প্ৰদৰ্শনীৰে বিপুল সংখ্যক দৰ্শকৰ উপস্থিতিত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

ভাৰতীয় পেনোৰমালৈ নিৰ্বাচিত হোৱা এই ছবিখন চাবলৈ দৰ্শকৰ উৎসুকতা দেখি উৎফুল্লিত হৈ পৰিছে ছবিখনৰ নিৰ্মাতা, অভিনেতা তথা কলা-কুশলী সকল । ইতিমধ্যে ‘ছিজৌ’ ছবিখনৰ সফলতা দেখি অতি শীঘ্ৰেই ছবিখন অসমীয়া ভাষালৈও ডাবিং কৰাৰ প্ৰস্ততি লৈছে ছবিখনৰ নিৰ্মাতাসকলে । ছবিখন ভাৰত-ভূটান সীমান্তত বসবাস কৰা বড়ো জনগোষ্ঠীৰ এটা বুৰঞ্জীমূলক কাহিনীৰ ওপৰত আধাৰিত । উল্লেখযোগ্য যে, ছবিখনত অভিনয় কৰা শিশু শিল্পী বিজিত বসুমতাৰীয়ে ৱাছিংটন এছিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।
\ভাৰতীয় পেনোৰমাত স্থান লাভ কৰাৰ উপৰিও ‘ছিজৌ’-এ মেলবৰ্ণ মহোৎসৱ ২০২১ , ফেষ্টিভেল অৱ চিনেমা এন ওয়াই চি , বৃষ্টল ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেল ইউ কে , চিকাগ’ ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেল আদি মহোৎসৱতো প্ৰদৰ্শিত হৈছিল ।

Exit mobile version