BOKO : বকোত গাঁওৰক্ষীৰ দ্বাৰা জব্দ ২৮ চোৰাং গৰু

WhatsApp Image 2022 09 20 at 16.18.33

KAMRUP BOKO : কামৰূপ জিলাৰ বকোত যোৱা নিশা ২৮ টাকৈ চোৰাং গৰু জব্দ কৰে গাঁওৰক্ষী বাহিনীয়ে ৷ বনগাঁও বুঢ়ীৰ পাৰালী গাঁৱত যোৱা নিশা দহ বজাত পহৰাৰত গাঁওৰক্ষী বাহিনীয়ে পথেদি খোজকঢ়াই নি থকা গৰুৰ জাক এটা প্ৰত্যক্ষ কৰে৷ পিছত গৰু জাকটো নি থকা লোকজনৰ সোধপোছ কৰি থাকোতেই এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে গৰু পালকজন৷
গাঁওৰক্ষী বাহিনীয়ে ৰাইজৰ সহযোগত জব্দ কৰে ২৮টা গৰু ৷ অৱশ্যে পিছত জব্দকৃত গৰুৰ জাকটোক বকো আৰক্ষীয়ে নিজৰ জিন্মাত লৈ আৰম্ভ কৰে তদন্ত ৷

Exit mobile version