BASKA : বাগ্‌সাৰ অঞ্চলীত শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগনত মধ্যাহ্ন ভোজন কৰ্মীৰ অৱস্থান ধৰ্মঘট

বিগত আঠ মাহে বঞ্চিত হৈ আছে দৰমহাৰ পৰা

WhatsApp Image 2022 09 23 at 17.24.30

BASKA : বাগ্‌সা জিলাৰ শালবাৰীৰ অঞ্চলীস্থিত প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মহকুমাটোৰ বিদ্যালয় সমুহৰ মধ্যাহ্ন ভোজন কৰ্মী সকলে আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।মধ্যাহ্ন ভোজন কৰ্মীসকলে এই ধৰ্মঘট কাৰ্যসূচীৰে চৰকাৰৰ ওচৰত আঠ মাহৰ পাবলগীয়া অনাদায় মাননী দুৰ্গা পূজাৰ আগত আদায় দিয়ক,মাননীৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক,প্ৰতি মাহৰ প্ৰথম সপ্তাহত মাননী আদায় দিয়ক আদি শ্লোগানেৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে।

ADVERTISEMENT

২০০৫ চনৰ পৰা কাম কৰি অহা মধ্যাহ্ন ভোজন কৰ্মী সকলে বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কামখিনিও কৰি অহা স্বত্বেও উপযুক্ত মজুৰি পাবলৈ সক্ষম হোৱা নাই বুলি আজিৰ কাৰ্যসূচীৰ জৰিয়তে বিষোদগাৰ প্ৰকাশ কৰে৷আজিৰ ধৰ্মঘটস্থলীৰ পৰা জালাহ প্ৰাথমিক শিক্ষা খণ্ড বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷

Exit mobile version