LAT MANDAL ARRESTED : উৎকোচ লওতে হাতে-লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল ৰঞ্জিত মহন্ত

WhatsApp Image 2022 09 23 at 16.05.28

LAT MANDAL ARRESTED : অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত পুনৰ গ্ৰেপ্তাৰ হ’ল অন্য এজন লাট মণ্ডল । নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলোৱা এই অভিযানত উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে এই দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰী জনক ।

চৰকাৰৰ ঘৰৰ পৰা মোটা অংকৰ পাৰিশ্ৰমিক লাভ কৰাৰ পিছতো অধিক ধন ঘটাৰ লালসাত গ্ৰেপ্তাৰ হোৱা এই লাট মণ্ডল জনৰ নাম ৰঞ্জিত মহন্ত । জানিব পৰা মতে , মাটিৰ নামজাৰিৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এই ঘোচখোৰ কৰ্মচাৰী জন ।

Exit mobile version