ACTION SOUGHT AGAINST ASSAN VILLAGE HEAD FOR HOLDING OFFICE IN MEGHALAYA : মেঘালয়ৰ ভূমিত অসমৰ গাওঁ প্ৰধানৰ কাৰ্যালয় স্থাপন বিৰুদ্ধে সৰৱ সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থা

WhatsApp Image 2022 09 24 at 18.31.26

ACTION SOUGHT AGAINST ASSAN VILLAGE HEAD FOR HOLDING OFFICE IN MEGHALAYA : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভূমিত অসমৰ গাওঁ প্ৰধানৰ কাৰ্যালয় স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দক্ষিণ শালমৰাৰ সীমান্তৱৰ্তী মেঘালয়ৰ অন্তৰ্গত হেলিডেগঞ্জ গাঁৱৰ কাছাৰীপাৰাত মানকাছাৰ ৰাজহ চক্ৰৰ অধীনস্থ ফুলাৰচাৰ ৰাজহ গাওঁৰ পাৰ্ট নং ৩ ৰ লট নং ৮ ৰ গাওঁ প্ৰধান টাইজুল ইছলামে অবৈধভাৱে গাওঁ প্ৰধানৰ কাৰ্যালয় স্থাপন কৰাক লৈ সৰৱ হৈ পৰিছে সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থা ৷ সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ইতিমধ্যেদক্ষিণ শালমৰাৰ উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

উপায়ুক্তক শীৰ্ঘেই গাওঁ প্ৰধানৰ আগ্ৰাসনৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তিৰ দাবী তোলে সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ৷

Exit mobile version