DOG SEIZED IN POLICE OPARATION : আৰক্ষীৰ অভিযানত ১৬ টা চোৰাং কুকুৰ জব্দ

 গ্ৰেপ্তাৰ দুই মিজো সৰবৰাহকাৰী

WhatsApp Image 2022 09 24 at 16.11.57 1

DOG SEIZED IN POLICE OPARATION : গৰুৰ চোৰং ব্যৱসায় অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে চোৰাং কুকুৰৰ সৰবৰাহ । কিছুদিন পূৰ্বে বোকাখাতত প্ৰায় ৩৬ টা চোৰাং কুকুৰ উদ্ধাৰ কৰাৰ পিছত পুনৰ কাছাৰত উদ্ধাৰ হৈছে ১৬ টাকৈ চোৰাং কুকুৰ । খবৰ অনুসৰি কালি নিশা শিলচৰৰ পৰা মিজোৰামলৈ এখন বলেৰ’ বাহনত কঢ়িয়াই নিয়া অৱস্থাতে ১৬ টা চোৰাং কুকুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুজন মিজো সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে । এম জে ০৫ এ ৭৮২৯ নম্বৰৰ এই বলেৰ’ বাহনখনত এই ১৬ টাকৈ কুকুৰ মিজোৰামলৈ নিয়া হৈছিল বুলি উল্লেখ কৰিছে ধৃত সৰবৰাহকাৰী দুটাই । ধৃত দুই সৰবৰাহকাৰী দুটা মিজোৰামৰ লালচান হিমা আৰু আলফৰ্ড হামাৰ বুলি জানিব পৰা গৈছে ।

Exit mobile version