GOLD PRICE DOWN IN INDIA : সু-খবৰ ! পূজাৰ পূৰ্বে সোণৰ মূল্য কমিছে ভাৰতত

WhatsApp Image 2022 09 24 at 15.51.09

GOLD PRICE DOWN IN INDIA : পূজা বুলিলেই এসাজ নতুন কাপোৰ লোৱা বা গহণা ক্ৰয় কৰা এটা পৰম্পৰা ভাৰতৰ প্ৰায় কেইখন ৰাজ্যতে প্ৰচলিত হৈ আহিছে । শাৰদীয়া সময়ত আৰু এটা সু-খবৰে যেন আনন্দৰ বতৰা কঢ়িয়াই আনিছে । ভাৰতবাসীৰ বাবে অহা এই সু-খবৰটো হৈছে যে , বিগত দিনৰ তুলনাত আজিৰ পৰা ভাৰতীয় বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে ।

উল্লেখযোগ্য যে, এই মূল্য হ্ৰাস ২ ছেপ্টেম্বৰ ২০২৩ চনৰ লৈকে অব্যাহত থাকিব বুলি আশা কৰাৰ লগতে ভাৰতত এই মূল্য হ্ৰাস পাই অৰ্থাৎ ২২ কেৰেট (১০ গ্ৰাম ) সোণৰ মূল্য হ’বগৈ ৪৫,২৮০ টকা । অৱশ্যে দামৰ এই উত্থান-পতন দেশৰ মুখ্য মহানগৰ সমূহত ২৪ ঘণ্টাৰ ভিতৰত পাৰ্থক্য অহা দেখা যাব । সেই অনুসৰি ভাৰতবৰ্ষৰ অন্য এখন মেট্ৰ চহৰ চেন্নাইত আজিৰ তাৰিখত ২২ কেৰেট সোণৰ দাম হ’বগৈ ৪৭,৯২৭ টকা ।

একেদৰে দিল্লীত ২২ কেৰেট সোণৰ মূল্য হ’ব ৪৬,৬৫০ টকা , কলকাতাত হ’ব ৪৬,৫০০ টকা আৰু মুম্বাইত হ’ব ৪৬,৫০০ টকা । সমান্তৰালকৈ ভুৱনেশ্বৰতো আজি ২২ কেৰেট অৰ্থাৎ ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৬,৫০০ টকা । উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত ২২ কেৰেট সোণত ৫৩০ টকা বৃদ্ধি পাইছিল । কিন্তু হঠাৎ অহা মূল্য পাৰ্থক্যই এতিয়া সোণ ক্ৰয় কৰিবলৈ ৰৈ থকা লোকসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে ।

Exit mobile version