HEAVY RAIN IN ARUNACHAL : ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণ

গেৰুকামুখ প্ৰকল্পৰ দেৱালৰ তীব্ৰ ভুমিস্খলন, প্ৰকল্পৰ দুই নম্বৰ‌ সুৰংগ খহি বৃহৎ গাঁত,জলবোমা সদৃশ প্ৰকল্পক লৈ শংকিত নামনি বাসী

WhatsApp Image 2022 09 24 at 19.09.33

HEAVY RAIN IN ARUNACHAL : প্ৰকৃতিৰ ওচৰত হাৰ মানিবলগীয়া হ’ব নেকি ৰাষ্ট্ৰৰ কোটিপতি কোম্পানী এন এইচ পি চিয়ে । এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি কৰ্তৃপক্ষ । ইটোৰ পাছত সিটো অঘটন গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ।

২০০০ মেগৱাট সম্পন্ন বৃহৎ নদীবান্ধৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিবলৈ গৈ প্ৰকৃতিৰ তীব্ৰ বাধা আৰোপ প্ৰকল্পস্থীৰ । ইয়াৰ উপৰি খৰটকীয়া কৰিবলৈ গৈ মুখথেকেচা খাইছে নেকি প্ৰকৃতিৰ ওচৰত বহিৰাগত কোম্পানী এন এইচ পি চিয়ে । কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে চিয়ে ঘোষণা কৰাৰ ধৰণে জানুৱাৰী মাহত আৰম্ভ কৰিব পাৰিবনে বিদ্যুৎ উৎপাদনীৰ কাম ?

বান্ধলবীৰ মতে একো নহয় এন এইচ পি চিৰ প্ৰকল্প হ’লে, বিশেষজ্ঞ‌ৰ মতে, গেৰুকামুখ থুনুকা পাহাৰত কেতিয়াও হ’ব নোৱাৰে বৃহৎ নদী বান্ধ । যাৰ ফলত পুনৰ খহিল পাহাৰ । ভূমিস্খলনৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক আৰু নামনিবাসী । সুৰংগ খহি ইতিমধ্যে সোৱণশিৰি নদীৰ পানীয়ে বাধা সৃষ্টি কৰি আহিছে প্ৰকল্পৰ কাম-কাজত । তাৰ পাছতো নদীবান্ধ লবীয়ে কয় নদীবান্ধ সুৰক্ষিত |

ইফালে, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণৰ ফলত টানেলে পানী সহিব নোৱাৰি মুখ্য দুৱাৰাৰেও বাগৰিছে পানী । অতিপাত বৰষুণৰ ফলত থুনুকা পাহাৰে যিকোনো সময়তে  বান্ধটোৱে আনিব পাৰে বিপদ । সংশয়ত ভুগিছে নামনিবাসী । ইতিমধ্যে, আংশিকভাৱে বন্ধ কৰিবলৈ বাধ্য মূলবান্ধৰ কাম-কাজ ।

উল্লেখ্য, ১৩ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সদম্ভে ঘোষণা কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ডিচেম্বৰ-জানুৱাৰীত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব । এনে সময়তে অনিশ্চয়তাৰ ভৱিষ্যতক লৈ শংকিত নামনিবাসী ৰাইজ ।

এই ক্ষেত্ৰত স্থানীয় যুৱক তথা আটাছুৰ প্ৰচাৰ সম্পাদক তুলাৰাম গগৈয়ে কয়, “বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনতে স্পষ্টকৈ কোৱা হৈছে- গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধৰ পোষকতা নহয় । অৰুণাচল প্ৰদেশৰ পাহাৰ নিচেই কোমল । একেদৰে উক্ত ঠাই ভূমিকম্পণ এলেকা । এই কোমল পাহাৰৰত নদীবান্ধ নিৰ্মাণ কৰাটো অমূলক । তাৰ পাছতো বিশেষজ্ঞ সমিতিৰ কথা আওকাণ কৰি আৰু দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি ২০০০ মেগৱাট আৰু ১১৬ মিটাৰ উচ্চতা জলবিদ্যুৎ উৎপাদন কামত হাত উজান দিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । শাসনৰ বাঘজৰী নথকাৰ সময়ত বিজেপিয়ে দলীয় কেন্দ্ৰীয় নেতৃত্বক লগত লৈ সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল । সেই একে দলে শাসনলৈ অহাৰ পাছত উক্ত জলবোমা সদৃশ প্ৰকল্প নিৰ্মাণ কৰাত উঠি পৰি লাগিছে । ইয়াৰ মানে কি ?” এই ক্ষেত্ৰত বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা দি ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি উল্লেখ কৰে ।

ইফালে, খিলঞ্জীয়া যিসকল শ্ৰমিকে প্ৰকল্পত গৈ কাম কৰি আছে শ্ৰমিকসকলো নিৰাপত্তাহীনতাত ভুগি আছে । জ্ঞাত-অজ্ঞাতভাৱে ইতিমধ্যে বহু শ্ৰমিক প্ৰকল্পস্থলীত নিহত-আহত হৈছে যদিও হিচাপ নাই এন এইচ কৰ্তৃপক্ষৰ হাতত । আনফালে, লখিমপুৰ-ধেমাজি-মাজুলীবাসীৰ মাজত আজিও শংকিত আৰু আতংকিত নামনিবাসী । সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি অনা জলবোমা সদৃশ এনে প্ৰকল্প ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

Exit mobile version