HEAVY RAIN IN UP-DELH : উত্তৰ প্ৰদেশ আৰু দিল্লীত নেৰানেপেৰা বৰষুণ

বহু স্থানত কৃত্ৰিম বান,জনজীৱন ব্যাহত,১০ জনৰ মৃত্যু

WhatsApp Image 2022 09 24 at 14.46.45

HEAVY RAIN IN UP-DELHI : দেশৰ ৰাজধানী চহৰ দিল্লীৰ গুৰগ্ৰাম আৰু চুবুৰীয়া উত্তৰ প্ৰদেশৰ তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ ফলত সাধাৰণ জীৱনযাত্ৰা ব্যাহত হৈ পৰে৷ বিভিন্ন স্থানত একাথু পৰ্যন্ত কৃত্ৰিম বান হোৱাত ৰাইজৰ বিলাইবিপত্তি নোহোৱা হৈছে ৷ আনহাতে উত্তৰ প্ৰদেশৰ ইটাৱাৰ বহু অঞ্চল জলমগ্ন হৈ পৰাত দেৱাল ভাঙি মৃত্যু হয় দহজনকৈ লোক ৷

একেদৰে ইটাৱাৰ বাহিৰেও বলৰামপুৰ, ফিৰোজাবাদ, আনন্দনগৰ সহ কেইবাখনো জিলাত বৰষুণৰ ফলত নৈ- উপনৈৰ পানী উফন্দি বাঢনি পানীৰে কাষৰীয়া গাঁও সমূহ বুৰাই পেলাই ৷ এই অঞ্চলসমূহতো বাঢনি পানীয়ে উটুৱাই নিয়ে কেইবাজনো লোক ৷ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা গক বুলেটিনত প্ৰকাশ কৰে যে আগন্তুক পাঁচদিনলৈ উত্তৰ প্ৰদেশ আৰু ইয়াৰ  দাতিঁকাষৰীয়া অঞ্চলত মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত হ’ব বুলি আশংকা কৰি হাই এলাৰ্ট কৰি দিয়ে ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে ধাৰাসাৰ বৰষুণ ফলত বানাক্ৰান্ত হোৱা অঞ্চল সমূহ হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰি বিষয়াসকলক সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে দিল্লীৰ গুৰগ্ৰামত নেৰানেপেৰা বৰষুনৰ ফলত বহু অঞ্চল হৈ পৰে জলমগ্ন ৷ আনহাতে কৃত্ৰিম বানত আবদ্ধ লোক সকলক দিল্লী প্ৰশাসৰ পৰা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ যোগান ধৰে দিল্লী প্ৰশাসনে ৷

Exit mobile version