RHINO :খড়্গ দাহৰ ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা গঁড়ৰ প্ৰতিকৃতি উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে

WhatsApp Image 2022 09 24 at 15.04.05

RHINO : ২০২১ চনৰ ২২ ছেপ্টেম্বৰত বোকাখাতত ২৪৭৯ টা গঁড়ৰ খড়্গ দাহ কৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা হৈছে তিনিটাকৈ গড়ৰ প্ৰতিকৃতি । এই প্ৰতিকৃতি তিনিটা আজি আবেলি ৩.৩০ বজাত এক মাংগলিক কাৰ্যসূচীৰে উন্মোচন কৰা হ’ব ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে , এই প্ৰতিকৃতি কেইটা আজি মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব । উল্লেখযোগ্য যে, ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ’ব । তাৰপূৰ্বেই পৰ্যটকৰ দৰ্শনৰ বাবে এই তিনিটা প্ৰতিকৃতি উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Exit mobile version