COVID-19 : ক’ভিড আপডেট

test 2420211124044903

দেশত বিগত চাৰি দিন কৰ’না আক্রান্তৰ লেখচিত্র নিম্নমুখী হৈ চাৰি হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৪,৭৭৭ । শনিবাৰে এই সংখ্যা আছিল ৪,৯১২ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৮৫ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৬১৯), তামিলনাডু (৫৩৩), পশ্চিমবংগ (৩১৪) আৰু ওড়িছা (২২২)।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ ১২ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্রত তিনিজন, তামিলনাডু আৰু পঞ্জাৱত দুজন, পশ্চিমবংগ, ওড়িছা, গুজৰাট, ছত্তীছগঢ় আৰু হিমাচল প্রদেশত এজনকৈ লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

তদুপৰি কৰ’নাত আক্রান্ত হৈ কেৰালাত ১১ জনৰ আগতে মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । শনিবাৰে এই সংখ্যা আছিল ১৯ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৮৫৩ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য কমি হ’ল ১.৫৮ শতাংশ । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৬২ শতাংশ ।

Exit mobile version