Landslide : পথ বন্ধ, অৰুণাচলৰ টিপ্পিত ভূমিস্খলন

WhatsApp Image 2022 09 25 at 20.19.17

ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ টিপ্পিত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ৷ কালি বিয়লি প্ৰায় ৩-৩০ বজাত লুমুন জলপ্ৰপাতৰ সমীত হঠাৎ পানী আৰু মাটিৰ ঢলে উটুৱাই নিয়ে ভালুকপুং অৰুণাচল পথৰে গৈ থকা তিনিখনকৈ বাহন ৷

এএছ১২ই৮৬৫৪ নম্বৰ টেংকাৰ, এএছ১২চিচি০৯৬০ নম্বৰৰ বলেৰ’ পিকআপ আৰু এখন অ’মনি ভান এই প্ৰৱল ভূমিস্খলনত পথৰ পৰা উটি গৈ কামেং নৈৰ তীব্ৰ সোঁতত ভাঁহি যায় ৷ সৌভাগ্য ক্ৰমে বাহন তিনিওখনৰ চালকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় ৷

ইয়াৰে ভিতৰত দুজন চালক বিনয় কুমাৰ পাচোৱান(৪৮) আৰু মুকতাৰ হুছেইন(৩৩) বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত আজি সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ভূমিস্খলনৰ পাছতে পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷

লুমুন জলপ্ৰপাতৰ পৰা ৪৬ কিলোমিটাৰ দূৰত্বত বন্ধ হৈ পৰা পথৰ দুয়োপাৰে অসংখ্য যান বাহন আৱদ্ধ হৈ পৰিছে ৷ ইতিমধ্যে পথছোৱা মুকলি কৰাৰ বাবে চেষ্টা চলোৱা হৈছে যদিও অঞ্চলটোত বৰষুণ আৰু ইয়াৰ মাজে মাজে পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ থকাত পথছোৱা মুকলি কৰাটো সম্ভৱ হোৱা নাই ৷

সম্প্ৰতি একাঠু বোকামাটিৰ তলত পোতগৈ আছে এই গুৰুত্বপূৰ্ণ পথছোৱা ৷ উল্লেখ্য যে, এই ঘটনাই স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে ৷

Exit mobile version