Mahsa Amini : ২২ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু, ফলত ৰণক্ষেত্র ইৰান ! কি হৈছিল মাহশাৰ ?

protester holds a portrait of mahsa amini during a news photo 1663844952

চৰকাৰ-বিৰোধী বিক্ষোভৰ জুই জ্বলিছে ইৰানৰ ৰাজধানী তেহৰানসহ কমেও ৮০খন চহৰত । মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ ঘূৰাই পোৱাৰ দাবীত বিক্ষোভ কৰিবলৈ আৰম্ভ কৰিছে সেই দেশৰ অসংখ্য জনসাধাৰণে । কিন্তু কিয় মাত্র কিছু দিনৰ ব্যৱধানতে ৰণক্ষেত্রত পৰিণত হৈছে ইৰান ? ইয়াৰ নেপথ্যত ইরানৰ ২২ বছৰীয়া এগৰাকী যুৱতী মাহশা আমিনিৰ মৃত্যু ।

পশ্চিম ইৰানৰ কুর্দিস্তান প্রদেশৰ ছাক্কেজ চহৰৰ বাসিন্দা আছিল মাহশা । ১৩ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কুর্দিস্তানৰ পৰা ৰাজধানী তেহৰানত আহিছিল তেওঁ । তেহৰানত পৰিয়ালৰ সদস্যসকলক লগ কৰিবলৈ গৈছিল মাহশাই । লগত তাইৰ ভাতৃ কিয়াৰেশ আমিনিও আছিল ।

কিয়াৰেশ আৰু মাহশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকাৰ সময়তে তেহৰানৰ কিছু দূৰত তেওঁলোকৰ পথ ভেটি ধৰে টহল দি থকা আৰক্ষীৰ দলে । কিয়াৰেশ-মাহশাক গাড়ীৰ কাঁচ নমোৱাৰ নির্দেশ দিয়া হয় ।

আৰক্ষীৰ চকুত পৰে গাড়ীৰ ভিতৰত হিজাব নিপিন্ধাকৈ বহি থকা মাহশা । দেশৰ সর্বোচ্চ নেতাই ঘৰৰ বাহিৰত গ’লে মহিলাসকলক হিজাব পৰিধান কৰাৰ নির্দেশ দিয়াৰ সময়তে, এই যুৱতীয়ে কেনেদৰে হিজাব নিপিন্ধাকৈ উলাইছিল ? গৰজি উঠে আৰক্ষীৰ দল । আৰম্ভ হয় আইনৰক্ষকৰ ‘নীতিপুলিচী’‌।

স্থানীয় সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, গাড়ীৰ ভিতৰত বহি থকা ভাতৃ-ভগ্নীক সোন-পোচ আৰম্ভ কৰে আৰক্ষীয়ে । মাহশাই কিয় হিজাব পৰিধান কৰা নাই ? বাৰে বাৰে একেই প্ৰশ্ন কৰা হয় । মাহশার ‘দোষ’, তেওঁ প্রশ্নৰ উত্তৰত ব্যক্তি স্বাধীনতাৰ কথা কৈছিল । তেওঁৰ স্বইচ্ছাৰ কথা জনাইছিল ।

প্রত্যক্ষদর্শীসকলৰ বিৱৰণ অনুযায়ী, ইয়াৰ পাছতেই খঙত অগ্নিশৰ্মা হৈ টৰে আৰক্ষীৰ দল । হিজাব পৰিধান নকৰাৰ ‘শাস্তি’ হিচাপে গাড়ীৰ পৰা টানি নমোৱা হয় মাহশাক । মাটিত বাগৰি প্ৰায় স্বত্ত্বেও তেওঁক আৰক্ষীৰ গাড়ীত ঘটোৱা হয় ।

ভাতৃ কিয়াৰেশক আৰক্ষীয়ে জনায়, মাহশাক ‘সহবৎ’ শিকাবলৈ কিছু সময়ৰ বাবে আটক কৰা হ’ব । কিছু সময় পাছতেই তেওঁক এৰি দিয়া হ’ব ।

মাহশাই মুক্তি পাইছিল । অৱশ্যে মুক্তি পাইয়ে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে হাস্পাতালত ভর্তি কৰাবলগীয়া হয় তেওঁক । হাস্পাতালত তিনি দিন ক’মাত থকাৰ পাছত যোৱা শুকুৰবাৰে তেওঁৰ মৃত্যু হয় ।

হাস্পাতালৰ চিকিৎসকসকলে জনায়, ‘ব্রেইন ডেড’ অৱস্থাত হাস্পাতালত ভর্তি কৰোৱা হৈছিল মাহশাক । হৃদ্‌স্পন্দন থাকিলেও লৰচৰ হোৱাৰ ক্ষমতা নাছিল । তেওঁক আইচিইউত ভর্তি কৰোৱা হয় । ইয়াৰ ৪৮ ঘণ্টা পাছত মাহশা হৃদ্‌ৰোগত আক্রান্ত হৈ মৃত্যু হয় । বহু চেষ্টা কৰিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰে ।

প্রত্যক্ষদর্শীসকলৰ দাবী, আৰক্ষীৰ গাড়ীত উঠাওঁতে আৰু গাড়ীত উঠাই মাহশাক মাৰধৰ কৰে আৰক্ষীয়ে । সেৰে তেওঁ ক’মাত গুচি যায় বুলিও অনেকৰ দাবী ।

মাহশাৰ খবৰ বিয়পি পৰাৰ পাছতেই ইৰানত চাৰিওদিশে অসন্তোষ্টিৰ জুই লাগি যায় । বিগত সপ্তাহৰ শেষত ইৰানৰ উত্তৰত য’ত কুর্দিস্তানত প্রথম প্রতিবাদ আৰম্ভ হয়, যি ক্রমে সমগ্ৰ দেশত বিয়পি পৰে ।

মাহশাৰ মৃত্যুৰ পাছৰ পৰাই ইৰানৰ পথত দেখা যায় গণক্ষোভৰ বহিঃপ্রকাশ । হিজাব জ্বলোৱাৰ পৰা আৰম্ভ কৰি মূৰৰ চুলি কাটা — বিভিন্ন অভিনৱ পন্থাত প্রতিবাদত নামিছে সেই দেশৰ বহু পুৰুষ-মহিলা ।

বিক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা পথত আৰক্ষী মোতায়েন কৰিও বিশেষ লাভ নহয় । আৰক্ষীক লক্ষ্য কৰি চলিছে ইটা-শিলাবৃষ্টি । জ্বলোৱা হৈছে আৰক্ষীৰ গাড়ীও ।

এটা স্বেচ্ছাসেৱী সংস্থাৰ দাবী, বৃহস্পতিবাৰ পর্যন্ত আৰক্ষীৰ গুলীত ৩১ জনৰ মৃত্যু হৈছে যদিও শুকুৰবাৰে ৫০ জন হৈছে । তৎস্বত্ত্বেও প্রতিবাদীসকলক নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই । গুলী চালনা কৰিও জনসাধাৰণক ‘নিয়ন্ত্ৰণ’ত আনিব পৰা নাই আৰক্ষীয়ে ।

যদিও চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে, বিক্ষোভ নিয়ন্ত্ৰণ কৰাৰ সময়ত আৰক্ষীৰ গুলীত ১৭ জনৰ মৃত্যু হৈছে । কিন্তু চৰকাৰে দিয়া তথ্য ‘ভুৱা’ বুলিও দাবী স্বেচ্ছাসেৱী সংস্থাটোৰ ।

ইতিমধ্যে সমাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিভিন্ন ভিডিঅ’ত দেখা গৈছে, ইৰানৰ ৰাজধানী তেহৰান জ্বলিছে । সেই সমূহ ভিডিঅ’ত দেখা গৈছে, সন্ধিয়া নমাৰ পাছতেই তেহৰানৰ বিভিন্ন অঞ্চলত গোট খাইছে বিক্ষোভকাৰীসকল ।

চৰকাৰ-বিৰোধী শ্ল’গান দিয়াৰ লগতে প্ৰতিকী জ্বলাই প্রতিবাদ কৰা দেখা গৈছে তেহৰানবাসীক ।

বহিঃবিশ্বৰ পৰা দেশৰ বর্তমান পৰিস্থিতিৰ ৰূপ লুকুৱাবলৈ ইন্টাৰনেট ব্যৱহাৰত কঠোৰ বিধিনিষেধ আৰোপ কৰা হৈছে । শুকুৰবাৰ পর্যন্ত তিনি দিন ইৰানত ইন্টাৰনেট সেৱা বন্ধ ৰাখিছে দেশৰ চৰকাৰে ।

হিজাব পৰিধান কৰাক লৈ বা মহিলাৰ অধিকাৰ ৰক্ষাৰ যুঁজত চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ এয়ে প্রথম নহয় । ইয়াৰ পূৰ্বেও হিজাব পৰিধান নকৰাৰ দাবীত বহুবাৰ পথত নামিছে দেশৰ মহিলাসকল ।

তিনি দশক পূৰ্বেওশ হিজাব পৰিধান কৰা সন্দৰ্ভত ইৰানৰ মহিলাসকলৰ ওপৰত কোনো বিধিনিষেধ নাছিল । বৰঞ্চ সেই সময়ত তোলা ছবিয়ে অন্য কথা কয় । ১৯৭৯ত ৰাজতন্ত্র-বিৰোধী বিপ্লৱৰ সাক্ষী হয় ইৰানবাসী । পহলভি ৰাজবংশৰ শাসক শ্বাহ মহম্মদ ৰেজা পহলভিক প্ৰত্যাহাৰ কৰি আয়াতুল্লাহ ৰুহুল্লাহ খোমেইনিৰ নেতৃত্বত ক্ষমতাত আহে ইছলামিক ৰিপাব্লিক চৰকাৰ ।

ৰাজপৰিয়ালৰ উৎখাতৰ লগে লগেই পৰিৱৰ্তন হয় ইৰানৰ সামাজিক পৰিস্থিতি আৰু ৰীতিনীতিও । ইয়াৰ অধিক প্রভাৱ পৰে মহিলাসকলৰ ওপৰত । ক্ষমতাত অহাৰ পাছত ইৰানৰ তৎকালীন সর্বোচ্চ নেতা আয়াতুল্লাহ ৰুহুল্লাহ খোমেইনিয়ে আদেশ দিয়ে, জাতি-ধর্ম নির্বিশেষে দেশৰ সকলো মহিলাই হিজাব পৰিধান কৰিব লাগিব । তাৰ পাছৰ পৰা আৰম্ভ হয় পোছাকবিধিক লৈ চৰকাৰৰ কট্টৰ মনোভাৱৰ বিৰুদ্ধে মহিলাসকলৰ দীর্ঘ যুঁজৰ ইতিহাস ।

Exit mobile version