Silchar-Sylhet Festival 2022 : শিলচৰত ‘’শিলচৰ-চিলেট উৎসৱ ২০২২” উদযাপনৰ ব্যাপক প্ৰস্তুতি

WhatsApp Image 2022 09 25 at 15.03.41

শিলচৰত তিনিদীনীয়া কাৰ্যসূচীৰে ‘’শিলচৰ-চিলেট উৎসৱ ২০২২’’ উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । এক সংবাদমেলৰ আয়োজন কৰি অহা ২৯, ৩০ আৰু ৩১ অক্টোৱৰত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ বিষয়ে শিলচৰৰ সাংসদ ড° ৰাজদ্বীপ ৰায়ে জানিবলৈ দি কয় যে, ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অৱ কালচাৰ তথা বাংলাদেশ ফাউণ্ডেশ্যন ফৰ ৰিজন এল ষ্টাডিজে যৌথভাৱে এই শিলচৰ-চিলেট উৎসৱৰ আয়োজন কৰিছে ।

স্থানীয়ভাৱে এই উৎসৱত সহযোগ কৰিব ইণ্ডিয়া ফাউণ্ডেশ্যন তথা ফ্ৰেণ্ডছ অৱ বাংলাদেশ ৰ সদস্য সকলে । গৌৰৱৰ দিনবোৰ আৰু সুদৃঢ় কৰাৰ কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে ।

এই উৎসৱৰ যোগেদি সকলোৰে মাজত সম্পৰ্কৰ এনাজৰী ডাল আৰু অধিক সুদৃঢ় হ’ব বুলি আশা কৰাৰ লগতে বৈচিত্ৰময় সংস্কৃতিৰ ধাৰা অধিক মজবুত কৰাৰ উদ্দেশ্য আগত ৰাখি এই তিনিদিনীয়া শিলচৰ-চিলেট ২০২২ আয়োজন কৰা হয় । উল্লেখযোগ্য যে , দুই দেশৰ ৰাজনৈতিক নেতাৰ লগতে এই উৎসৱত দেশৰ প্ৰসিদ্ধ ব্যৱসায়ী সকলেও অংশগ্ৰহণ কৰিব ।

এই উৎসৱত ভাৰতৰ হৈ যোগদান কৰাৰ সম্ভাৱনা আছে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী , কেন্দ্ৰীয় সংস্কৃতি ও পৰ্যটন তথা ডনাৰ মন্ত্ৰী জে কৃষাণ ৰেড্ডি , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেণ সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,মিজোৰামৰ ৰাজ্যপাল হৰিবাবু খামপতি , কেন্দ্ৰীয় চ’ছিয়েল জাষ্টিছ এণ্ড ইমপ্ৰুফ্মেণ্ট প্ৰতিমন্ত্ৰী প্ৰতিমা ভৌমিক উপৰিও বিভিন্ন স্বেচ্ছাসেৱী সংস্থা ও উদ্যোগ পতিয়ে যোগদান কৰিব ।

ভাৰত-বাংলাদেশৰ সাংস্কৃতিক সম্পৰ্ক হাজাৰ বছৰ পুৰণি । তেনেক্ষেত্ৰত এই উৎসৱৰ যোগেদি দুই দেশৰ মাজত থকা সাংস্কৃতিক বান্ধোন আৰু অধিক কটকটীয়া হ’ব বুলি আশা কৰা হৈছে । কিছু দুষ্ট প্ৰকৃতিৰ লোকে সময় সাপেক্ষে সুযোগ-সুবিধা বুজি আমাৰ এই সমাজ ব্যৱস্থাক বিপথে পৰিচালিত কৰি আহিছে ।

এই সকলো ওৰ পেলাবলৈ তিনিদিনীয়া এই অনুষ্ঠানত প্ৰথম দিনা বাংলাদেশত থকা মণিপুৰী ধামাইল উপ-জাতি সহ অন্যান্য অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰা হ’ব । ইফালে বাংলাদেশৰ হৈ পৰৰাষ্ট্ৰমন্ত্ৰী এ কে আব্দুল ম’মেন, বাণিজ্য মন্ত্ৰী টিপু মুন্সি , সংস্কৃতি বিষয়ক মন্ত্ৰী কে এম খালিদ , শিক্ষা বিভাগৰ ডেপুটি মিনিষ্টাৰ মহিবুল হুছেইন , বৈদেশিক মন্ত্ৰী শ্বাহৰিয়াৰ আলম , অসামৰিক বিমান পৰিবহন ও পৰ্যটন মন্ত্ৰী মহম্মদ মেহবুব আলী সহ দেশখনৰ বহু কেইজন বিশিষ্ট ব্যৱসায়ীয়ে যোগদান কৰাৰ কথা আছে ।

এই সংবামেল অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে দীপাঙ্কৰ ঘোষ , ( ছিলেনৰ সহ-আহ্বায়ক ) , চিলেটৰ চিলেট উৎসৱ ২০২২ ৰ নীলাঞ্জন ৰায় , ইণ্ডিয়া ফাউণ্ডেশ্যনৰ বিশিষ্ট কৰ্মী ৰামী দেশাই আদিয়ে ।

Exit mobile version