অসম-মিজোৰাম সীমান্তত আঠটাকৈ বিৰল প্রজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ

WhatsApp Image 2022 09 26 at 1.19.15 PM

বিৰল প্রজাতিৰ বন্যপ্রাণীসহ চাৰি যুৱকক আটক কৰিছে মিজোৰামৰ ছাইপাই আৰক্ষীয়ে । মিজোৰামৰ পৰা আহি অসমত প্রৱেশৰ পথত মিজোৰামৰ ভাইৰেংটি আৰক্ষীচকীৰ অধীনস্থ ছাইপাই আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা আঠটা বিৰল প্রজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰে ।

তথ্য অনুসৰি, ভাগা-শ্বেৰখান পথৰ পৰা মিজোৰামৰ পৰা অসমত প্রৱেশৰ সময়ত শনিবাৰে নিশা এখন বিলাসী বাহনে ছাইপাই আৰক্ষীৰ ছিগনেল অমান্য কৰি পলায়ন কৰাৰ চেষ্টা কৰে । ফলত আৰক্ষীৰ সন্দেহ হয় । তেওঁলোকে গাড়ীখন আটক কৰি তলাচী চলোৱাত গাড়ীৰ ভিতৰৰ পৰা চাৰিটা পিঞ্জৰাত মুঠ আঠটা বিৰল প্রজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰে ।

গাড়ীত থকা কাছাৰ জিলাৰ ধলাই থানা অঞ্চলৰ চাৰি যুৱকক আটক কৰে মিজো আৰক্ষীয়ে । বিশেষ সূত্রে জানিব পৰা গৈছে, ধৃত চাৰিজনৰ ভিতৰত দুজন স্থানীয় ছুপাৰি ব্যৱসায়ী । ছাইপাইত ছুপাৰি বাগান ক্রয় কৰিবলৈ গৈছিল তেওঁলোক । উভতি অহাৰ সময়ত পথত ছাইপাইৰ পৰা ভাগাবজাৰ অহাৰ উদ্দেশ্যত সেই গাড়ীত উঠে বুলি জনায় সূত্রটোৱে । গাড়ীচালকেও সে কথাটো স্বীকাৰ কৰিছে ।

শেষ খবৰত জানিব পৰা গৈছে ধৃত চাৰিজনক কাষ্টম বিভাগৰ হাতত তুলি দিবলৈ আৰক্ষী আইজলৰ উদ্দেশ্যে ৰাওনা হৈছে ।

প্রানীসমূহৰ ছবি বন বিভাগৰ হাৱখইটাং ৰেঞ্জ বিষয়া উত্তম গোস্বামীক দেখোৱাত তেওঁ সেইসমূহ লাজুকী বান্দৰ (শ্ল’ লৰিছ) বুলি চিনাক্ত কৰে ।

Exit mobile version