শীঘ্ৰে ঐতিহ্যমণ্ডিত কাছাৰ মহাবিদ্যালয়ৰ অৰাজকতা বন্ধৰ উদ্যোগ লোৱা হ‌ওক : আকছাৰ প্রতিষ্ঠাপক সভাপতি প্রদীপ দত্তৰায়

cachar college silchar colleges azdn7zu6eq

সম্প্রতি এক বিতর্কিত ঘটনাক লৈ আন্দোলনত নামিছে কাছাৰ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী, শিক্ষকসকল আৰু ফলত মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে । ইয়াকে লৈ এইবাৰ সৰৱ হ’ল আকছাৰ প্রতিষ্ঠাপক সভাপতি প্রদীপ দত্তৰায় ।

দত্তৰায়ে কয় যে বিগত কিছুদিন ধৰি এটাৰ পাছত এটা বিতর্কৰ কেন্দ্রবিন্দু হৈ উঠিছে ঐতিহ্যমণ্ডিত এই কলেজ । ফলত সকলো বিভ্রান্ত হৈছে । এই মহাবিদ্যালয়ৰ স’তে তেওঁৰ ব্যক্তিগত যোগাযোগৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয় যে ১৯৮৩ত আকছাৰ জন্মলগ্নৰ পৰা একেৰাহে তিনি বছৰ আকছাৰ বেচৰকাৰী কার্যালয় হিচাপে ব্যাৱহৃত হৈছিল কাছাৰ মহাবিদ্যালয়ৰ ‘মণিদাৰ কেন্টিন’ আৰু এই কলেজৰ ছাত্র-ছাত্রীসকলেই প্রথমে এই আন্দোলনত সক্রিয় ভূমিকা লয় যি ইয়াৰ পাছত সমগ্ৰ উপত্যাকাতে বিয়পি পৰে ।

১৯৮৩ত বিশ্ববিদ্যালয়ৰ দাবীত কাছাৰ মহাবিদ্যালয়ত এটা ছেমিনাৰ অনুষ্ঠিত হৈছিল য’ত অংশগ্রহণ কৰিছিল জিচি কলেজৰ তদানীন্তন অধ্যক্ষ তাপছ শংকৰ দত্ত, অধ্যাপক জ্যোতিলাল চৌধুৰী, হাইলাকান্দিৰ অধ্যাপক অৰবিন্দ চৌধুৰী, ডাঃ তপোধীৰ ভট্টাচার্য প্রমুখ বিশিষ্ট ব্যক্তিবর্গ যিসকলৰ সাৰমৰ্ম বক্তব্য্ই অসম বিশ্ববিদ্যালয়ৰ আন্দোলনৰ তাত্ত্বিক ভিত্তি দিছিল আৰু ইয়াৰ পাছতেই এই আন্দোলনত সকলোৱে একজোঁট হৈছিল ।

তেওঁ কয় যে এইবোৰ এতিয়া ইতিহাস আৰু হয়তো আজিৰ প্রজন্মৰ অধিকাংশই এইবোৰ নাজানে । তেওঁ আৰু কয় যে সংসদত অসম বিশ্ববিদ্যালয় বিল পাছ হোৱাৰ পাছতো অসম চৰকাৰে ইয়াৰ বাবে ভূমি দিয়া নাছিল যাক লৈ আন্দোলন চলিছিল । তেতিয়া তদানীন্তন অসম চৰকাৰৰ শিক্ষা কমিছনাৰ অশোক শইকিয়াই আলোচনাৰ বাবে তেওঁলোকক গুৱাহাটীত আমন্ত্রণ জনায় । তেতিয়া কাছাৰ কলেজত বিজ্ঞান বিভাগ নাছিল আৰু এইটো দীর্ঘদিনৰ দাবী আছিল । প্রদীপ বাবুৱে কয় সেই সভাত তেওঁ তীব্ৰ ক্ষোভেৰে এই প্রসংগ অৱতাৰণা কৰাৰ পাছতেই সেই কমিছনাৰে তেওঁক এই বিষয়ত প্রতিশ্রুতি দিয়ে আৰু অনতি পলমে এই বিষয়ত চৰকাৰী সিদ্ধান্ত গৃহীত হয় ।

বিজ্ঞান বিভাগৰ উদ্বোধনী অনুষ্ঠানত অশোক শইকিয়াই এই বিষয়ত উল্লেখ কৰে, যদিও এই কলেজৰ তেতিয়াৰ উপাধ্যক্ষ ডাঃ সৌৰিন্দ্র ভট্টাচার্যৰ বাহিৰে বিজ্ঞান বিভাগৰ কোনো অধ্যাপকে এই বিষয়ত তেওঁৰ স’তে দেখা নকৰে । প্রদীপ বাবুৱে কয় যে এইবোৰ কথাৰ উদ্দেশ্য তেওঁৰ ব্যক্তিগত প্রচাৰ নহয়, এই কলেজৰ স’তে তেওঁৰ আত্মীয় সম্পর্কৰ প্রমাণ আৰু সেইবাবে বর্তমান সমস্যাই তেওঁকো চিন্তিত কৰিছে ।

আকছাৰ প্রতিষ্ঠাপক সভাপতিয়ে কয় যে ছাত্র বা শিক্ষক ৰাজনীতি কৰিব পাৰে, কিন্তু ইয়াৰ ফলত যদি শৈক্ষিক পৰিৱেশ ব্যাহত হয় তেন্তে কোনো কাৰণতেই মানি লোৱা নহ’ব । তেওঁ কয়, শিক্ষকসকলে ধর্ণা দিছে, ছাত্র-ছাত্ৰী, শিক্ষকসকলক ঠেলা-হেঁচা কৰিছে, জিলাপ্ৰশাসকে সন্মানিত অধ্যাপকক কাণত ধৰি উঠা-বহা কৰোৱাইছে, অথচ তেওঁৰ সতীর্থসকলে নীৰৱ, এনেধৰণৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক ।

তেওঁ আৰু কয় যে মহাবিদ্যালয়ৰ বর্তমান পৰিচালনা কমিটীৰ সভাপতি শাসকদলৰ সদস্য আৰু এজন অদক্ষ ব্যক্তিত্ব । তেওঁৰ অপদার্থতাৰ বাবে এনে সমস্যাৰ সৃষ্টি হৈছে । সেয়ে তেওঁ তেওঁক শীঘ্ৰে এই পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় । ইয়াৰ উপৰি আন্দোলনৰত শিক্ষকসকলক তেওঁ আলোচনাৰ ভিত্তিত শীঘ্ৰে সমস্যাৰ সমাধানৰ আবেদন জনাইছে ।

তেওঁ কয় যে ছাত্র-ছাত্ৰীসকল শিক্ষকসকলৰ সন্তানসম । সেয়ে কোনো বিপথে পৰিচালিত হ’লে তেওঁক সংশোধন কৰাৰ দায়িত্ব তেওঁলোকেই ল’ব লাগিব । অৱশ্যে শীঘ্ৰে এই সমস্যাৰ সমাধান জৰুৰী কাৰণ ইয়াৰ ফলত ছাত্র-ছাত্রীসকলৰ শিক্ষা ব্যাহত হৈছে আৰু অভিভাৱকসকলো উদ্বিগ্ন হৈ পৰিছে । প্রয়োজন হ’লে এই বিষয়ত তেৱোঁ যথাসাধ্য ভূমিকা ল’বলৈ প্রস্তুত, বুলি আজি মন্তব্য কৰে প্রদীপ দত্তৰায়ে ।

Exit mobile version