ANAND MISHRA : অৱশেষত অসম এৰিব আই পি এছ আনন্দ মিশ্ৰই

ANAND MISHRA : যোগদান কৰিব গৃহ ৰাজ্য বিহাৰ কেডাৰত

WhatsApp Image 2022 09 26 at 5.10.22 PM

ANAND MISHRA : জনপ্ৰিয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰ অৱশেষত অসম এৰি নিজ গৃহৰাজ্য বিহাৰলৈ যোৱাৰ অনুমতি লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৷ অসম-মেঘালয় কেডাৰ এৰি যোগদান কৰিব বিহাৰ কেডাৰত ৷ উল্লেখ্য যে মিশ্ৰ সম্প্ৰতি কৰ্মৰত হৈ আছিল অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এ ডি আই জি পদত ৷

  চ’ছিয়েল মিডিয়াত চৰ্চিত আৰক্ষী বিষয়া আনন্দ মিশ্ৰ ২০১১ আই পিএছ বিষয়া হিচাপে প্ৰথম য়োগদান কৰে মেঘালয়ত কেডাৰত । অৱশ্যে আই পি এছ প্ৰশিক্ষণ সমাপ্ত কৰি ২০১৩ -২০১৭ চনলৈ ত মেঘালয়ত কৰ্মৰত হৈ থকাৰ পিছত ২০১৮ ত অসমলৈ বদলি হয় ৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ কেইবাখনো জিলাত আৰক্ষী অধীক্ষক দক্ষতাৰে কাম কৰি চলিত বৰ্ষৰ মাজভাগত পদোন্নতি সহ ক্ৰিয়া বিভাগৰ এ ডি আই জি ৰূপে আৰক্ষী মুখ্য কাৰ্যালয়ত যোগদান কৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷

২০২০ বৰ্ষৰ সফল কৰ্মৰাজিৰ বাবে আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰীৰ আৰক্ষী পুৰস্কাৰো লাভ কৰে । একেদৰে ফেইম ইণ্ডিয়া মেগাজিনৰ ২০২১ বৰ্ষৰ ৫০ জন শ্ৰেষ্ঠ আৰক্ষী বিষয়াৰ তালিকাত স্থানলাভ কৰিবলৈ সক্ষম হয় আই পি এছ মিশ্ৰ ৷ মিশ্ৰই এই পষেকত গৃহ ৰাজ্য বিহাৰলৈ প্ৰত্যাৱৰ্তন কৰি যোগদান কৰিব বিহাৰ কেডাৰত ৷

Exit mobile version